জনীয়া,7 জুন: জনীয়া সমষ্টিৰ প্ৰাণকেন্দ্ৰ কলগাছিয়াত কৃত্ৰিম বান(Artificial Flood)ৰ তাণ্ডৱ । এজাক বৰষুণত একাঁঠু পানী হোৱাত যাতায়াতৰ ক্ষেত্ৰত বহু অসুবিধাৰ সন্মুখীন হ’বলগা হৈছে কলগাছিয়াৰ ৰাইজ । একাঁঠুকৈ পানীৰ মাজত বহি ব্যৱসায় কৰিবলগা হৈছে ব্যৱসায়ীসকলে ।
কলগাছিয়া সাপ্তাহিক বজাৰ(Kalgachia Weekly Market)ৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত বৰষুণৰ পানী সোমোৱাৰ বাবে প্ৰায় বন্ধ হৈ পৰিছে বেপাৰ-বাণিজ্য ৷ ফলত দোকানী আৰু গ্ৰাহকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে নিয়মীয়াকৈ ৰাজহ আদায় কৰি আহিছে যদিও বজাৰৰ উন্নতিৰ কাৰণে চৰকাৰে কোনো সুবিধা কৰি দিয়া নাই বুলি অভিযোগ উত্থাপন হৈছে ।