বৰপেটা, ২৬ এপ্ৰিল :গুজৰাটৰ কংগ্ৰেছী বিধায়ক জিগনেশ মেৱানীক (MLA Jignesh Mevani in five days police custody)৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ (Jignesh Mevani remanded to five days of police custody)৷ দুয়োপক্ষৰ যুক্তি শুনাৰ পিচত আদালতে জিগনেশ মেৱানীক ৫ দিনৰ বাবে বৰপেটা আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে (Jignesh Mevani news) ৷
উল্লেখ্য যে, বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ মূল প্ৰৱেশ দুৱাৰৰ সলনি ভিতৰুৱা পথেৰে বৰপেটা থানালৈ নিয়া হয় জিগনেশ মেৱানীক ৷ সাংবাদিকৰ সৈতে মুখামুখি হোৱাৰ সুযোগ নিদিবলৈকে গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীক এনেদৰে অন্য পথেৰে লৈ যায় বৰপেটা আৰক্ষীয়ে ৷
বৰপেটাৰোড থানাত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত মঙলবাৰে বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল মেৱানীক ৷ অৱশেষত আদালতত দুয়ো পক্ষৰ যুক্তি শুনাৰ পিচত জিগনেশ মেৱানীক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয় ৷