বৰপেটা, 19 ছেপ্টেম্বৰ: বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ হ’ল জিগনেশ মেৱানি ৷ গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেছ মেৱানিৰ বিৰুদ্ধে বৰপেটা ৰোড থানাত ৰুজু হোৱা এটা গোচৰ মৰ্মে মঙলবাৰে বিধায়কগৰাকী বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ হয় ৷
ইয়াৰ পূৰ্বে 17 জুলাই আৰু 25 আগষ্টত বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ হৈছিল জিগনেশ মেৱানি ৷ আজি আদালতত হাজিৰ হোৱাৰ পিছত জিগনেশ মেৱানিয়ে সাংবাদিকৰ আগত জনোৱা মতে, ‘‘তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা ভাৰতীয় দণ্ডবিধিৰ 294 আৰু 353 ধাৰা দুটাৰ পৰা আদালতে তেওঁক ৰেহাই দিছে ৷ অৱশ্যে তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা আন দুটা ধাৰাৰ ওপৰত বিচাৰ চলি থাকিব ৷’’ আদালতে অক্টোবৰত পুনৰ শুনানীৰ দিন ধাৰ্য কৰাৰ কথা প্ৰকাশ কৰে মেৱানীয়ে ৷
উল্লেখ্য যে 2022 চনৰ 21 এপ্ৰিলত বৰপেটা ৰোড থানাত 81/2022 নম্বৰ এজাহাৰৰ অধীনত ভাৰতীয় দণ্ডবিধি আইনৰ 294/323/353/354 ধাৰাত ৰুজু হোৱা গোচৰ মৰ্মে জিগনেশ মেৱানীক বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷ মূলতঃ ৰাজহুৱা দায়িত্ব পালনত বাধা আৰু মহিলা আৰক্ষীৰ শালীনতা ভংগৰ অভিযোগত বিধায়কগৰাকীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ মৰ্মে চলিত থকা বিচাৰ প্ৰক্ৰিয়াৰ বাবে আজি আদালতত হাজিৰ হয় জিগনেশ মেৱানীৰ ৷