জনীয়া, 19 এপ্ৰিল: প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ডাঃ ভূমিধৰ বৰ্মনৰ দেহাৱসানত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে ৷ দেওবাৰে সন্ধিয়া 6.20 বজাত ডাঃ ভূমিধৰ বৰ্মনে দিছপুৰ নাৰ্ছিং হোমত শেষ নিশ্বাস ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স 90 বছৰ আছিল ৷ তেখেতৰ মৃত্যুত জনীয়া সমষ্টিৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে গভীৰ শোক প্ৰকাশ কৰে। বিধায়কজনে কয় যে, বৰ্মনে গোটেই অসমৰ লগতে জনীয়া সমষ্টিৰ কলগাছিয়াৰ লগত নিবিড় সম্পৰ্ক ৰাখিছিল আৰু সেই হিচাপে তেখেতৰ মৃত্যুত মৰ্মাহত হৈছে ।
ডাঃ ভূমিধৰ বৰ্মনৰ বিয়োগত শোক প্ৰকাশ হাফিজ ৰফিকুল ইছলামৰ
প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনৰ মৃত্যুত জনীয়াৰ বিধায়ক ড০ হাফিজ ৰফিকুল ইছলামে কলগাছিয়া বাসীৰ ৰাইজৰ হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু তেখেতৰ আত্মাৰ শান্তি কামনা কৰে ।
tribute to bhumidhar barman
উল্লেখ্য যে, ডাঃ ভূমিধৰ বৰ্মনে অসম আৰু অসমীয়া স্বাৰ্থত কাম কৰি যোৱাৰ বাবে অসমৰ ৰাইজে তেওঁক সদায় মনত ৰাখিব । সেয়েহে জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামেও কলগাছিয়াবাসীৰ ৰাইজৰ হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু তেখেতৰ আত্মাৰ শান্তি কামনা কৰে ।
লগতে পঢ়ক : ফকিৰাগ্ৰামত উলহ-মালহৰে ষট পূজা পালন