জনীয়া,1 এপ্ৰিল: জনীয়া সমষ্টিৰ বিজেপি প্ৰাৰ্থী শ্বহিদুল ইছলামৰ নিৰ্বাচনী টোপ । জনীয়াত চাৰিটাকৈ উদ্যোগ স্থাপন কৰি সমষ্টিৰ চল্লিছ হাজাৰ যুৱক-যুৱতীক চাকৰি প্ৰদান কৰিব । বেকী নদীৰ খহনীয়া প্ৰতিৰোধ, জনীয়াত উন্নয়ন খণ্ড স্থাপন, কলগাছিয়াক চহৰ হিচাপে উন্নীতকৰণ কৰা, ক্ৰীড়া মহাবিদ্যালয় স্থাপন, ইঞ্জিনিয়াৰিং কলেজ স্থাপন কৰা, শীতল ভঁৰাল নিৰ্মাণ কৰাৰ দৰে কেইবাটাও নিৰ্বাচনী প্ৰতিশ্ৰুতি প্ৰদান কৰে জনীয়াৰ বিজেপি প্ৰাৰ্থী শ্বহিদুল ইছলামে ।
বৃহস্পতিবাৰে মিত্ৰজোঁটৰ প্ৰাৰ্থী শ্বহিদুল ইছলামে জনীয়া সমষ্টিৰ গলিয়া বজাৰত নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন কৰি এইসমূহ প্ৰতিশ্ৰুতি প্ৰদান কৰে । ইছলামে ভাষণ প্ৰসংগত জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামক ক্ষুৰধাৰ সমালোচনা কৰে । আনহাতে ভাৰত-পাকিস্তানৰ ক্ৰিকেট খেল হ’লে যিসকলে ফটকা ফুটাই আনন্দ কৰে সেইসকল মুছলমানৰ ভোট নালাগে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।