অসম

assam

By

Published : Mar 26, 2023, 8:06 PM IST

ETV Bharat / state

Ajmal Super 40 selection test: কলগাছিয়াত আজমল চুপাৰ 40 বাচনি পৰীক্ষাত ব্যাপক অনিয়ম

কলগাছিয়া আজমল চুপাৰ 40 বাচনি পৰীক্ষাত ব্যাপক অনিয়ম । আজমল চুপাৰ 40 ৰ বাচনি পৰীক্ষা দিবলৈ আহি উভতি যাবলগীয়া হয় শতাধিক পৰীক্ষাৰ্থী (Irregularities in Ajmal Super 40 selection test in Kalgachia) । যাক লৈ পৰীক্ষাৰ্থী আৰু অভিভাৱকৰ মাজত প্ৰতিক্ৰিয়া ।

Ajmal Super 40 selection test
কলগাছিয়াত আজমল চুপাৰ 40 বাচনি পৰীক্ষাত ব্যাপক অনিয়ম

কলগাছিয়াত আজমল চুপাৰ 40 বাচনি পৰীক্ষাত ব্যাপক অনিয়ম

জনীয়া,২৬ মাৰ্চ: দেওবাৰে আজমল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয় আজমল ছুপাৰ 40 পৰীক্ষা । পিছে এই পৰীক্ষাত লাগিল কেৰোণ । পৰীক্ষা কেন্দ্ৰৰ সন্মুখত অভিভাৱক পৰীক্ষাৰ্থীৰ হাঁহাকাৰময় অৱস্থা (Irregularities in Ajmal Super 40 selection test in Kalgachia) । এডমিট কাৰ্ড থকাৰ পাছতো পৰীক্ষাত বহিবলৈ নিদিয়াত ক্ষোভিত হৈ উঠে অভিভাৱক তথা পৰীক্ষাৰ্থীসকল (Ajmal Super 40 selection test) ।

দেওবাৰে অনুষ্ঠিত হোৱা আজমল ছুপাৰ ফৰ্টি পৰীক্ষাত ব্যাপক অনিয়ম সংঘটিত হোৱা পৰিলক্ষিত হয় । প্ৰাপ্ত অভিযোগ অনুসৰি বৰপেটা আৰু অভয়পুৰীৰ চেণ্টাৰৰ পৰা বহু পৰীক্ষাৰ্থী কলগাছিয়ালৈ আহিছিল । উক্ত চেণ্টাৰ দুটা ৱেবচাইডত নৱীকৰণ হোৱাৰ পিছত এডমিট কাৰ্ড ওলোৱাৰ পাছতো পৰীক্ষাৰ্থীসকলক পৰীক্ষাত বহিবলৈ নিদিলে কলগাছিয়াস্থিত আজমল উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষই(Ajmal Higher Secondary School) ।

ইয়াৰ পিছতেই পৰীক্ষা কেন্দ্ৰৰ সন্মুখত পৰীক্ষাৰ্থীৰ মাজত এক সৃষ্টি হয় উত্তপ্ত পৰিৱেশৰ । পিছত অধ্যক্ষই বঞ্চিত পৰীক্ষাৰ্থীৰ পৰা এডমিট কাৰ্ড সংগ্ৰহ কৰি লিখিত পৰীক্ষা নিদিয়াকৈ মৌখিক পৰীক্ষা অনুষ্ঠিত হ'ব বুলি এডমিটত চহী আৰু ছীল মাৰি দায়িত্ব সামৰে । ইফালে পৰীক্ষাৰ পৰিৱৰ্তে মৌখিক পৰীক্ষা অনুষ্ঠিত কৰাৰ ঘোষণাৰ পিছতেই অসন্তষ্টি প্ৰকাশ কৰে পৰীক্ষাৰ্থীৰ লগতে অভিভাৱকে ।

ইয়াৰোপৰিও আজমল 40 বাচনি পৰীক্ষাৰ নামত যি খেলিমেলি সৃষ্টি কৰিছে এনে খেলিমেলি যাতে আগলৈ নহয় তাৰ বাবে আজমল চুপাৰ 40 অনুষ্ঠিত কৰা কৰ্তৃপক্ষক সঁকিয়াই দিয়ে । ইফালে বৰপেটা চহৰ আৰু বঙাইগাঁও জিলাৰ অভয়াপুৰীত আজমল চুপাৰ 40 ৰ বাচনি পৰীক্ষাৰ পৰীক্ষা কেন্দ্ৰ থকা বুলি ৱেবচাইটত প্ৰকাশ পাইছে যদিও বাস্তৱত কোনো চেণ্টাৰ নাই বুলি অভিভাৱকে অভিযোগ উত্থাপন কৰে ।

অভিভাৱক তথা পৰীক্ষাৰ্থীসকলে অভিযোগ উত্থাপন কৰি ছাত্ৰ ছাত্ৰীৰ জীৱনকলৈ হেতালি খেলা বন্ধ কৰিবলৈ দাবী জনাই আজমল উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষক । লগতে মৌখিক পৰীক্ষাৰ জৰিয়তে এইসকল পৰীক্ষাৰ্থীয়ে সুযোগ লাভ কৰিবনে নাই সেই সন্দৰ্ভত সন্দেহ প্ৰকাশ কৰি ক্ষোভত ফাটি পৰে অভিভাৱকসকল ।

লগতে পঢ়ক:Assam Governor visits in Jorhat: তিনিদিনীয়া ভ্ৰমণসূচীৰে যোৰহাটত উপস্থিত গুলাব চান্দ কাটাৰীয়া

ABOUT THE AUTHOR

...view details