অসম

assam

ETV Bharat / state

বৰপেটাত বনবিভাগৰ ছত্ৰছায়াত অব্যাহত চোৰাং বালি ব্যৱসায়

বেঁকী নৈৰ বুকুত খনন কাৰ্য চলাই একাংশ অসাধু লোকে ৰমৰমীয়া বালি ব্যৱসায় চলাই আছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ প্ৰাপ্য তথ্য মতে, বৰপেটাৰ জয়পুৰ মহলৰ বেঁকীৰ চৰত খনন কাৰ্য চলাই দিনে নিশাই শ শ ট্ৰেক্টৰ আৰু ডাম্পাৰেৰে বালি কঢ়িয়াই থকা হৈছে ৷ এইদৰে অতিৰিক্তভাৱে বালি কঢ়িওৱা সন্দৰ্ভত জয়পুৰ শিলবালি মহলৰ খণ্ড বনবিষয়া কন্দৰ্প দাসে সকলো উত্থাপিত অভিযোগ স্বীকাৰ কৰে ৷

By

Published : Jan 7, 2020, 10:46 PM IST

বৰপেটাত
চোৰাং বালি ব্যৱসায়

বৰপেটাৰোড, 7 ডিচেম্বৰঃ বৰপেটাৰোড আঞ্চলিক বনবিষয়াৰ কাৰ্যালয়ৰ অধীনত জয়পুৰ শিল-বালি মহলৰ বালাভিঠা আৰু ভালুকীত দীৰ্ঘদিন ধৰি অব্যাহত আছে চোৰাং বালি ব্যৱসায় ৷ বেঁকী নৈৰ বুকুত খনন কাৰ্য চলাই একাংশ অসাধু লোকে এই ৰমৰমীয়া ব্যৱসায় চলাই আছে বুলি অভিযোগ উত্থাপন কৰা হৈছে ৷ প্ৰাপ্য তথ্য মতে,বৰপেটাৰ জয়পুৰ মহলৰ বেঁকীৰ চৰত খনন কাৰ্য চলাই দিনে নিশাই শ শ ট্ৰেক্টৰ আৰু ডাম্পাৰেৰে বালি কঢ়িয়াই থকা হৈছে ৷ ইয়াৰ ফলত অঞ্চলটোত বাটপথ জৰাজীৰ্ণ হৈ পৰা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

তদুপৰি প্ৰতিখন ট্ৰেক্টৰে ৪ চিএম বালি কঢ়িয়াই নি 2 চিএম চালান দিয়াৰো গুৰুতৰ অভিযোগ আছে ৷ ইয়াৰ বাবদ প্ৰতিখন ট্ৰেক্টৰৰ পৰা বনবিভাগে ৪৫০ টকাকৈ ধন লৈ ২৫০ টকাৰ চালানহে দিয়ে বুলি ট্ৰেক্টৰ চালকসকলে অভিযোগ কৰে ৷ ইপিনে ডাম্পাৰৰ ক্ষেত্ৰতো অনুৰূপ ঘটনা সংঘটিত হৈছে ৷ প্ৰতিখন ডাম্পাৰৰে ২৫ চিএম কৈ বালি আনি চালান দিয়ে মাত্ৰ ১৫ চিএমৰ ৷ এইদৰে বনবিভাগৰ লগত একাংশ ধুৰন্ধৰ লোকে গোপন বুজা-পৰাত লিপ্ত হৈ বেঁকীৰ বুকুত খনন চলাই অবৈধভাৱে ধন ঘটি আছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে ৷

চোৰাং বালি ব্যৱসায়

ৰাইজৰ অভিযোগ অনুসৰি বেঁকীৰ বুকুত খনন চলোৱাত বাৰিষা তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি হয় ৷ স্থানীয় ৰাইজে এই খননত বাধা দি আহিছে যদিও একাংশ উদণ্ডলোকে ৰাইজৰ ভয় ভাবুকিক আওকাণ কৰি আহিছে ৷ মঙ্গলবাৰে সাংবাদিকৰ দল এটিয়ে জয়পুৰ মহলৰ বালাভিঠা আৰু ভালুকীত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাত সাংবাদিকক প্ৰত্যক্ষ কৰি ডাম্পাৰ আৰু ট্ৰেক্টৰ এৰি চালকে পথাৰৰ মাজেৰে দৌৰি পলায়ন কৰে ৷

উল্লেখ্য যে, বালাভিঠাৰ চৰ অঞ্চলত বালি পাৰ্মিটৰ জৰিয়তে চলি আছে বালি সংগ্ৰহৰ কাম ৷ কিন্তু ভালুকী চৰৰ এই কাৰ্য সম্পূৰ্ণৰূপে অবৈধ ৷ এইদৰে অতিৰিক্তভাৱে বালি কঢ়িওৱা সন্দৰ্ভত জয়পুৰ শিলবালি মহলৰ খণ্ড বনবিষয়া কন্দৰ্প দাসে সকলো উত্থাপিত অভিযোগ স্বীকাৰ কৰে ৷ লগতে এই অনিয়ম বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে ৷

লগতে চাওকঃবিশ্বনাথত অনুষ্ঠিত বিজেপিৰ শান্তি সমদল

ABOUT THE AUTHOR

...view details