জনীয়া, 23 আগষ্ট: আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শিৱ প্ৰসাদ কলিতাই একাংশ দালাল প্ৰকৃতিৰ লোকৰ জৰিয়তে সৃষ্টি কৰিছে ধন ঘটাৰ বৃহৎ নেটৱৰ্ক ৷ আনকি কোকিলা গাঁও ঞ্চায়তৰ বিভিন্ন উন্নয়নমুলক আঁচনিৰ পৰাও মোটা অংকৰ ভাগ লাগে আৰক্ষী বিষয়াগৰাকীক ৷ তেওঁৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰে কোকিলা গাঁও পঞ্চায়তৰ সভাপতি আব্দুচ ছাত্তাৰ আহমেদে ৷ ইয়াৰোপৰি সেই ধনৰ ভাগ নাপালে কেচ দি কাৰাবন্দী কৰি থোৱাৰো তেওঁ ভাবুকি প্ৰদান কৰে বুলি উল্লেখ কৰিছে সভাপতিগৰাকীয়ে ৷
কোকিলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ পঞ্চায়ত সভাপতিৰ
কোকিলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিলে কোকিলা গাঁও পঞ্চায়তৰ সভাপতি আব্দুচ ছাত্তাৰ আহমেদে ৷ আৰক্ষী বিষয়াগৰাকী ভিন্ন কেলেংকাৰীত জড়িত হৈ তেওঁলোকক দীৰ্ঘদিনে হাৰাশাস্তি প্ৰদান কৰি অহাৰ অভিযোগ উত্তাপন কৰিছে সভাপতিগৰাকীয়ে ৷
সভাপতিগৰাকীয়ে অভিযোগ কৰা মতে, আৰক্ষী বিষয়া শিৱ প্ৰসাদ কলিতাই পঞ্চায়তখনৰ একাংশ সদস্য আৰু নিৰ্মাণ কমিটীৰ সভাপতিৰ পৰা তেওঁ প্ৰতিখন আঁচনিতে দাবী কৰে 30 হাজাৰ পৰ্যন্ত ধন ৷ ইতিমধ্যে আৰক্ষী বিষয়াগৰাকীয়ে একাংশ অসামাজিক মানুহৰ জৰিয়তে পঞ্চায়তখনৰ বিভিন্ন উন্নয়নমুলক কামত ব্যাঘাত জন্মাই সভাপতি ছাত্তাৰ আহমেদক হাৰাশাস্তি কৰাৰ লগতে, পঞ্চায়তখনৰ উন্নয়ন স্তব্ধ কৰি পেলোৱাৰ অভিযোগ কৰিছে সভাপতিগৰাকীয়ে ৷ ইয়াৰোপৰি এটা সামান্য গোচৰ নিষ্পত্তিৰ বাবে মফিজুল ইছলাম নামৰ যুৱক এজনৰ পৰা আৰক্ষী বিষয়াগৰাকীয়ে তিনি লাখ টকা দাবী কৰিছিল বুলিও কয় সভাপতিগৰাকীয়ে ৷ ১৩ আগষ্টত পঞ্চায়ত সভাপতি আব্দুচ ছাত্তাৰ আহমেদে সকলো ঘটনা সন্দৰ্ভত আৰক্ষী বিষয়া শিৱ প্ৰসাদ কলিতাৰ বিৰুদ্ধে বঙাইগাঁও জিলা উপায়ুক্তক এখন লিখিত অভিযোগ দিয়া বুলি জানিবলৈ দিয়ে ৷
লগতে পঢ়ক:বাঘ আৰু সিংহৰ যুঁজত মাংস খাব শিয়ালেঃ বিধায়ক প্ৰশান্ত ফুকন