অসম

assam

By

Published : Dec 26, 2019, 2:23 PM IST

ETV Bharat / state

বকোত আৰক্ষীৰ জালত নাৰী ব্যৱসায়ী চক্ৰ

ৰাজ্যত অব্যাহত নাৰী সৰবৰাহকাৰীৰ ৰমৰমীয়া ব্যৱসায় ৷ এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীক দুষ্ট চক্ৰৰ হাতত বিক্ৰীৰ চেষ্টা কৰি আৰক্ষীৰ জালত পৰিল নাৰী সৰবৰাহকাৰী চক্ৰৰ সদস্য ৷

Human trafficking circal member caught by Boko police
বকোত আৰক্ষীৰ জালত নাৰী ব্যৱসায়ী চক্ৰ

বৰপেটা,26 ডিচেম্বৰ: ৰাজ্যত অব্যাহত নাৰী সৰবৰাহকাৰীৰ ৰমৰমীয়া ব্যৱসায় ৷ বকোৰ মালিবাৰীত সংঘটিত হোৱা এক চাঞ্চল্যকৰ ঘটনাই পুনৰ বাৰ প্ৰতিফলিত কৰিছে এই কথা ৷ এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীক দুষ্ট চক্ৰৰ হাতত বিক্ৰীৰ চেষ্টা কৰি আৰক্ষীৰ জালত পৰিছে নাৰী সৰবৰাহকাৰী চক্ৰৰ সদস্য ৷

বকোত আৰক্ষীৰ জালত নাৰী ব্যৱসায়ী চক্ৰ

ঘটনা অনুসৰি মালিবাৰী শালমাৰা গাঁৱৰ এটি অতি দৰিদ্ৰ পৰিয়ালৰ এগৰাকী সপ্তম শ্ৰেণীৰ কিশোৰীক দুষ্ট চক্ৰৰ হাতত বিক্ৰী কৰিবলৈ যো-জা চলাইছিল ২ নং মালিবাৰী গাঁওৰ মজিবৰ ৰহমান নামৰ এজন যুৱকে ৷ যুৱকজনে কিশোৰী গৰাকীক ফুচুলাই নি গোপনে আবদ্ধ কৰি ৰাখি মাতৃক কিশোৰী গৰাকীৰ ভিনিহিয়েকৰ ঘৰত থৈ অহাৰ কথা কয় ৷ ইয়াৰ পিছতে মজিবৰ ৰহমানে কিশোৰী গৰাকীৰ মাতৃক কিছু পইচা বলপূৰ্বক ভাৱে দিয়াৰ চেষ্টা কৰাত মাতৃ গৰাকীৰ সন্দেহ হয় ৷ লগে লগে মহিলা গৰাকীয়ে চিঞৰ বাখৰ কৰাত ওলাই পৰে সকলো কথা ৷ মহিলা গৰাকীৰ চিঞৰ বাখৰত ওলাই অহা ৰাইজে মজিবৰ ৰহমান নামৰ যুৱকজনক কৰায়ত্ব কৰি আৰক্ষীক চমজাই দিয়ে ৷

ঘটনা সন্দৰ্ভত মন্দিৰা আৰক্ষী চকীত খবৰ দিয়াত আৰক্ষীয়ে অভিযান চলাই নিশা প্ৰায় ৮ বজাত কিশোৰী গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ইপিনে অভিযুক্ত যুৱক মজিবৰ ৰহমানকো আৰক্ষীয়ে থানালৈ আনি সোধ পোচ অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বেও মালিবাৰী অঞ্চলত সংঘটিত হৈছে এনেধৰণৰ একাধিক ঘটনা ৷ এটা বৃহৎ চক্ৰ এই কুকৰ্মৰ লগত জড়িত থকাৰ কথা ব্যক্ত কৰিছে একাংশ লোকে ৷ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব সকলো কথা ৷

লগতে চাওকঃমানস ৰবীনে উভতি ধৰিলে প্ৰধানমন্ত্ৰীৰ মন্তব্যক

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details