বৰপেটা, ২২ মাৰ্চঃ আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰিছে সত্ৰনগৰী বৰপেটা ৷ বুধবাৰৰ পৰা সত্ৰীয়া ৰীতি-নীতিৰে তিনিদিনীয়াকৈ আৰম্ভ হোৱা দৌল মহোৎসৱৰ আজি অন্তিম দিন ৷ শুকুৰবাৰে বৰপেটা সত্ৰত পালন কৰা হৈছে সুঁৱেৰী উৎসৱ ৷
সত্ৰ নগৰীত মাথো ৰঙৰ সমাহাৰ - আবিৰ
শুকুৰবাৰে বৰপেটা সত্ৰত পালন কৰা হৈছে সুঁৱেৰী উৎসৱ ৷ নানা ৰং আৰু হোলীগীতৰ ছন্দত মুখৰিত সত্ৰনগৰীৰ আকাশ-বতাহ ৷
আবিৰৰ ৰঙেৰে ৰঙীন সত্ৰনগৰী
উল্লেখ্য যেসত্ৰীয়া পৰম্পৰা অনুসৰি গোঁসাই দৌলগৃহত আৰোহণ কৰি থকা সময়ত ফাকু খেলিব নোৱাৰে ভক্তসকলে ৷ মাথো গোঁসাইক ফাকুগুৰিৰে সেৱা জনায় ভক্তসকলে ৷ বুধবাৰে নিশা দৌলত আৰোহণ কৰা দৌলগোবিন্দ মহাপ্ৰভু আৰু কলীয়া ঠাকুৰ গোঁসাইক নক্ষত্ৰ গণনা অনুসৰিবৃহস্পতিবাৰে ভৰদৌলৰ নিশা দৌলগৃহৰ পৰা নমাই যগমোহন গৃহত ৰখা হয় ৷ বৃহস্পতিবাৰে নিশা গোঁসাইক দৌলৰ পৰা নমাই অনাৰ পাচতেই হোলীগীতৰ ছন্দ আৰু ৰঙত বুৰ যায় সত্ৰনগৰী বৰপেটা ৷