অসম

assam

ETV Bharat / state

NPS workers protest: নতুন পেন্সন নীতি বাতিলৰ দাবীত কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ - পুৰণি পেন্সন আঁচনি কাৰ্যকৰী কৰাৰ দাবী

কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ত NPS কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ । চক্ৰ বিষয়াৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান । দাবী পুৰণ নহ’লে অনাগত দিনত ভয়ংকৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ ।

nps workers protest
NPS কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 5:48 PM IST

NPS কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ

বৰপেটা, 23 আগষ্ট : সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত অসম চৰকাৰৰ কৰ্মৰত কৰ্মচাৰীসকলে নতুন পেন্সন আঁচনি বাতিল কৰি পুৰণি পেন্সন আঁচনি কাৰ্যকৰী কৰাৰ দাবীত আজি দ্বিতীয় দিনা কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্য্যালয়ত বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় অৰ্ধ শতাধিক কৰ্মচাৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

উল্লেখ্য যে, ২০০৫ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত বলৱৎ কৰা NPS বা ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থাই ইতিমধ্যে অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীসকলক ভয়ংকৰ অৰ্থনৈতিক সংকটৰ মাজলৈ ঠেলি দিয়াই নহয়, বৰং সামাজিক সুৰক্ষাৰ পৰাও বঞ্চিত কৰিছে । যাৰ ফলত এজন চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ পাছত সামাজিক স্থিতি দৰিদ্ৰ সীমাৰেখাৰ তললৈ অৱনমিত হৈছে ।

কিন্তু ভাৰতবৰ্ষৰ আন কেইবাখনো ৰাজ্যই কৰ্মচাৰীসকলৰ প্ৰতি মানৱীয়তা দেখুৱাই পুৰণি পেন্সন ব্যৱস্থা পুনঃ প্ৰতিষ্ঠা কৰিছে । যাৰ বাবে অসমতো পুৰণি পেন্সন ব্যৱস্থা বাহাল ৰাখি এক দেশ এক নীতিক মান্যতা দি অসমৰ মুখ্যমন্ত্ৰীক ২০২৩ বৰ্ষতেই কৰ্মচাৰী সমাজৰ শংকা নিৰ্মূল আৰু সুৰক্ষাৰ বছৰ হিচা চিহ্নিত কৰি এক যুগান্তকাৰী সিদ্ধান্ত গ্ৰহণ কৰিবলৈ অসমৰ কৰ্মচাৰী সমাজে তিনি দফীয়া দাবী পূৰণ কৰিবলৈ আহ্বান জনায় ।

দাবীসমূহ ক্ৰমে -

১.ৰাষ্ট্ৰীয় পেন্সন আঁচনি NPS বাতিল কৰি পুৰণি পেন্সন ব্যৱস্থা প্ৰৱৰ্তন কৰা ।

২.অৱস্থা গ্ৰহণ কৰা NPS ৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলক অৱসৰকালীন সকলো সুবিধা প্ৰদান কৰা ।

৩.NPS ৰ আওঁতাৰ পৰা চৰকাৰী কৰ্মচাৰীসকলক ঘোষণা কৰা অনুসৰি ন্যূনতম ১০ লাখ টকা DCRG প্ৰদানৰ ব্যৱস্থা কৰক ।

উক্ত দাবীৰে কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে কলগাছিয়াৰ NPS আঞ্চলিক সমিতিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে । অনাগত দিনত উপৰোক্ত দাবীসমূহ পূৰণ নহলে ইয়াতকৈ ভয়ংকৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীয়ে ।

লগতে পঢ়ক :NPS Employee Protest: কৰ্মচাৰীৰ প্ৰতিবাদত অচল লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ কাম-কাজ

ABOUT THE AUTHOR

...view details