অসম

assam

ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ'ল মহীৰূহ গোকুল পাঠকৰ অন্ত্যেষ্টিক্ৰিয়া

By

Published : May 11, 2020, 5:33 PM IST

ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় বৰপেটাৰ মহীৰূহ গোকুল পাঠকৰ । দেওবাৰে নিশা প্ৰায় প্ৰায় ৮.30 বজাত দেহাৱসান ঘটে লোক সংস্কৃতিৰ সাধক গৰাকীৰ ।

gokul pathak cremated with state honour
gokul pathak cremated with state honour

বৰপেটা, 11 মে':সোমবাৰে সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় বৰপেটাৰ মহীৰূহ গোকুল পাঠকৰ । দেওবাৰে নিশা প্ৰায় ৮:30 বজাত দেহাৱসান ঘটে বৰপেটাৰ ৰত্ন গৰাকীৰ । সোমবাৰে বৰপেটাৰ অংকুৰম হাস্পতালৰ পৰা বৰপেটা জিলা ছাত্ৰ সন্থাৰ কাৰ্যলয়লৈ নিয়া হয় লোক সংস্কৃতিৰ সাধক গৰাকীৰ নশ্বৰদেহ । জিলা ছাত্ৰ ছাত্ৰ সন্থাৰ কাৰ্যালয়ত আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, আছুৰ কেন্দ্ৰীয় সমিতিৰ কেবাগৰাকীও নেতাৰ লগতে, আছু সদস্য সকলে শেষ শ্ৰদ্ধা নিবেদন কৰে বৰপেটা সত্ৰৰ ইতিহাস গ্ৰন্থৰ প্ৰণেতা গৰাকীলৈ ।

গোকুল পাঠকৰ অন্ত্যেষ্টিক্ৰিয়া

পৰৱৰ্তী সময়ত গোকুল পাঠকৰ মৃতদেহ বৰপেটা প্ৰেছ ক্লাৱলৈ নিয়া হয় আৰু প্ৰেছ ক্লাৱ চৌহদত বৰপেটা জিলা উপায়ুক্ত, মুনীন্দ্ৰ শৰ্মা, বৰপেটাৰ আৰক্ষী অধীক্ষক ডা৹ ৰবীন কুমাৰ, বৰপেটা প্ৰেছ ক্লাৱ, বৰপেটা শাখা সাহিত্য সভা, বৰপেটা জিলা সাহিত্য সভা, অসম সাহিত্য সভাকে ধৰি বিভিন্ন গল সংগঠনৰ প্ৰতিনিধিয়ে শেষ শ্ৰদ্ধা নিবেদন কৰে । বৰপেটা প্ৰেছ ক্লাৱৰ পৰা গোকুল পাঠকৰ নশ্বৰ দেহ বৰপেটা পৌৰ সভাৰ খেলপথাৰত ৰখা হয় । সাহিত্যিকগৰাকীৰ নশ্বৰ দেহ নিজ ঘৰলৈ লৈ যোৱাৰ পিচতে এক শোকাকুল পৰিবেশৰ সৃষ্টি হয় ৷ কান্দোনত ভাঙি পৰে আত্মীয় স্বজনৰ তথা গুণমুগ্ধ সকল । ইয়াৰ পিচতে তেওঁৰ শেষ ইচ্ছা অনুসৰি, নশ্বৰ দেহ সৎকাৰৰ বাবে লৈ যোৱা হয় তেওঁ নিজ হাতে প্ৰতিষ্ঠা কৰা শংকৰ মাধৱ মহাবিদ্যালয় আৰু তেওঁ পুনৰ প্ৰতিষ্ঠা কৰা ভাতকুছি সত্ৰৰ মধ্যস্থলত । সৰভোগৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ কুমাৰ কুমাৰ দাসৰ উপস্থিতিত, আৰক্ষীৰ তিনি জাই টোপধ্বনিৰ পিচতেই সাহিত্যিকগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয় ।

ৰাজ্যিক মৰ্যাদাৰে সমাপন মহীৰূহ গোকুল পাঠকৰ অন্ত্যেষ্টিক্ৰিয়া

উল্লেখ্য যে, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ কুমাৰ কুমাৰ দাসে গোকুল পাঠকৰ প্ৰতি শেষ শ্ৰদ্ধা নিবেদন কৰি গোকুল পাঠকৰ ইচ্ছানুসৰি, তেওঁ ৰচনা কৰা বৰপেটা সত্ৰৰ ইতিহাস গ্ৰন্থখনৰ নৱম সংস্কৰণৰ দায়িত্ব গ্ৰহন কৰা বুলি সদৰি কৰে । আনহাতে সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই গোকুল পাঠকৰ প্ৰতি শেষ শ্ৰদ্ধা নিবেদন কৰি, গোকুল পাঠকৰ সৃষ্টিত কৃষ্ণ সংস্কৃতি আৰু লোকসংস্কৃতিৰ মনিকাঞ্চন সংযোগ ঘটা বুলি মন্তব্য কৰে ।

লগতে পঢ়কঃৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ'ব বৰপেটা ৰত্ন গোকুল পাঠকৰ অন্ত্যেষ্টিক্ৰিয়া !

ABOUT THE AUTHOR

...view details