অসম

assam

ETV Bharat / state

Bhaul Festival Of Assam: আঘোণৰ পূৰ্ণিমাৰ নিশা সত্ৰনগৰীত ঘৰে ঘৰে ঠিয় নাম পৰিৱেশন - মহ খেদা গীত

প্ৰাণৱন্ত হৈ পৰিছে সত্ৰ নগৰী বৰপেটা ৷ কিয়নো আঘোণৰ পূৰ্ণিমাত আয়োজন কৰা হয় ভাউল দিয়া উৎসৱ বা মহ খেদা পৰ্ব (Mohoho Festival Of Assam) ৷ ভাউল দিয়া উপলক্ষে বৃহস্পতিবাৰে পূৰ্ণিমাৰ নিশা সত্ৰনগৰী বৰপেটাত গৃহস্থৰ কুশল মংগলৰ কামনাৰ্থে ভকতসকলে পৰিৱেশন কৰে থিয় নাম পৰিলক্ষিত হয় (Ghare ghare traditional thiyo naam performance in Barpeta) ৷

Ghare ghare traditional thiyo naam performance in Barpeta
আঘোণৰ পূৰ্ণিমাৰ নিশা সত্ৰনগৰীত ঘৰে ঘৰে ঠিয় নাম পৰিৱেশন

By

Published : Dec 9, 2022, 2:27 PM IST

বৰপেটা, ৯ ডিচেম্বৰ :মহ খেদা পৰ্ব বা মহোহো, নামনি অসমত প্ৰচলিত এটি লোক উৎসৱ ৷ আঘোণৰ পূৰ্ণিমাৰ সৈতে অতি উতঃপ্ৰোতঃভাৱে জড়িত হৈ আছে এই পৰ্বটি ৷ নামনি অসমৰ লোক সংস্কৃতিত এই উৎসৱটিক ভিন্ন নামেৰে জনাযায় ৷ বৰপেটাত মহোহো এই অনুষ্ঠানটোক ‘‘ভাউল দিয়া’’ বুলিও কোৱা হয় (Bhaul Festival Of Assam) ৷

ভাউল দিয়া উপলক্ষে বৃহস্পতিবাৰে পূৰ্ণিমাৰ নিশা সত্ৰনগৰী বৰপেটাত গৃহস্থৰ কুশল মংগলৰ কামনাৰ্থে ভকতসকলে পৰিৱেশন কৰে থিয় নাম (Ghare ghare traditional thiyo naam performance in Barpeta)৷ উল্লেখ্য যে, বৰপেটাত ভাউল দিয়া প্ৰথাৰ প্ৰচলন কমি আহিছে যদিও ভাউলৰ সমান্তৰালভাৱে সত্ৰীয়া পৰম্পৰাৰে অনুষ্ঠিত হোৱা ‘‘ঘৰে ঘৰে ঠিয় নাম’’ৰ প্ৰচলন এতিয়াও অব্যাহত আছে ৷

এই পৰম্পৰা অনুসৰি গৃহস্থৰ কুশল-মংগল কামনাৰ্থে আশীৰ্বাদ প্ৰদান কৰাৰ উদ্দেশ্য ভকতসকলে থিয় নামৰ শেষত গায় -

কুশল হ’ক, কুশল হ’ক ৷

টকা-সিকা দিব পৰা কৰক ৷

টকা-সিকা বাঢ়ক ৷

কুশল হ’ক, কুশল হ’ক ৷

অথবা, ধেমেলীয়া সুৰত কেতিয়াবা ভকতসকলে থিয় নামৰ শেষত গায় -

টকা এক হাজাৰ দিব পৰা কৰক ৷

সেই এক হাজাৰ বাঢ়ক ৷

কুশল হ’ক, কুশল হ’ক ৷

আঘোণৰ পূৰ্ণিমাৰ নিশা সত্ৰনগৰীত ঘৰে ঘৰে ঠিয় নাম পৰিৱেশন

উল্লেখ্য যে, লোক বিশ্বাস অনুসৰি, মহ খেদা গীত বা ভাউল দিয়া গালে মহবোৰ ভয়ত আঁতৰি যায় বুলি কোৱা হয় ৷ যাৰ গৃহত এই ভাউল দিয়া পৰিৱেশন কৰা হয়, সেই গৃহস্থ ভকতৰ আশীষৰ পাত্ৰ হয় (Mohoho Festival Of Assam) ৷ লোক বিশ্বাস মতে, মহোহো উৎসৱৰ পিছতেই মহবোৰ লাহে লাহে কমি নাইকিয়া হয় । ইফালে মহ খেদোতাসকলে গৃহস্থৰ পৰা যি চাউল বা পইচা পাই, সেই চাউল-পইচাৰে পিচত সকলোৱে লগ লাগি ভোজ-ভাত খায় ।

আঘোণ মাহত অনুষ্ঠিত মহোহো উৎসৱ বিশেষকৈ গাঁৱৰ গৰখীয়া আৰু চেমনীয়া ল’ৰাবোৰৰ বাবে আনন্দৰ উৎসৱ হয় । এই উৎসৱত গোৱা গীতবোৰৰ লগত উজনিৰ হুঁচৰি গীত, গোৱালপাৰাৰ এউৰিমগা গীত আৰু বাস্কা অঞ্চলৰ বাম্বোল পিটা গীতৰ সৈতে কিছু সাদৃশ্য আছে ।

নামনি অসমৰ ভিন ভিন্ অঞ্চলত প্ৰচলিত মহোহো গীতবোৰ একে ধৰণৰ ৷ কেৱল ঠাই বিশেষে দুই-চাৰিটা শব্দ, পদ আৰু সুৰৰ ক্ষেত্ৰত কিছু অমিল লক্ষ্য কৰা যায় । আঘোণী পূৰ্ণিমাৰ প্ৰাণময় এই উৎসৱটি জাতি-জনগোষ্ঠী লোকসকলৰ মাজত অতি আদৰণীয় ।

লগতে পঢ়ক :Literary Pension 2022 : সাহিত্যিক পেঞ্চনাৰ মনোমতী কুৰ্মীৰ কথাৰে...

ABOUT THE AUTHOR

...view details