অসম

assam

ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ'ব বৰপেটা ৰত্ন গোকুল পাঠকৰ অন্ত্যেষ্টিক্ৰিয়া !

By

Published : May 11, 2020, 8:39 AM IST

বৰপেটা ৰত্ন, বৰপেটা সত্ৰৰ ইতিহাস প্ৰণেতা, ৰাজ্য চৰকাৰৰ বিষ্ণু ৰাভা বঁটাপ্ৰাপক, সত্ৰীয়া কৃষ্টি-সংস্কৃতিৰ সাধক, লোক সংগীতৰ সাধক, লোকসংগীত শিৰোমণি, সাহিত্যিক, সাংবাদিক, শিল্পী, অভিনেতা, বিষ্ণুৰাভাৰ সতীৰ্থ বৰপেটাৰ মহীৰূহ গোকুল পাঠকৰ দেহাৱসান ৷ বৰপেটাৰ অংকুৰম হাস্পতালত দেওবাৰে নিশা প্ৰায় ৮.৩০ বজাত দেহাৱসান ঘটে শিল্পী সাহিত্যিকজনৰ ৷ মৃত্যুৰ সময়ত ৯৫ বছৰ বয়স হৈছিল সাহিত্যিক গৰাকীৰ ৷

gakul pathak pass away
gakul pathak pass away

বৰপেটা, ১০ মে' : মহীৰূহ গোকুল পাঠকৰ দেহাৱসান ৷ অংকুৰম হাস্পতালত চিকিৎসাধীন অৱস্থাতে দেওবাৰে নিশা প্ৰায় ৮.৩০ বজাত দেহাৱসান ঘটে শিল্পী গৰাকীৰ ৷ বিগত কেবাদিন ধৰি নিজ গৃহত অসুস্থ হৈ পৰা গোকুল পাঠকক শুকুৰবাৰে বৰপেটাৰ অংকুৰম হাস্পতালত ভৰ্তি কৰা হৈছিল ৷ বৰপেটা প্ৰেছ ক্লাৱৰ তৎপৰতাত অংকুৰম হাস্পতাল কৰ্তৃপক্ষই সাহিত্যিকগৰাকীক চিকিৎসা চলাই আছিল ৷ অংকুৰম হাস্পতাল কৰ্তৃপক্ষই সাহিত্যিকগৰাকীৰ চিকিৎসা ব্যয় বহন কৰাৰো সিদ্ধান্ত জনাইছিল পৰিয়ালক ৷

গোকুল পাঠকৰ মৃত্যুৰ পিচতেই বৰপেটাৰ জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই তাৎক্ষণিকভাৱে এখন সংবাদমেল সম্বোধন কৰি গোকুল পাঠকৰ অন্ত্যেষ্টিক্ৰিয়া সোমবাৰে পুৱা ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ব বুলি সদৰি কৰে ৷ সাহিত্যিক গৰাকীৰ মৃত্যুত ব্যথিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জিলা উপায়ুক্তগৰাকীক টেলিফোন যোগে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ কথা জানিবলৈ দিয়ে ৷ কৰ'ণা সংক্ৰমণ প্ৰতিৰোধৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি সামাজিক দূৰত্ব অব্যাহত ৰাখি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব বুলিও উপায়ুক্তগৰাকীয়ে প্ৰকাশ কৰে ৷ উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়া মতে, অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত সৰভোগৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাস উপস্থিত থাকিব ৷

গোকুল পাঠকৰ মৃত্যুত ব্যথিত অসমবাসী

অবশ্যে শনিবাৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাস হাস্পতালখনত উপস্থিত হৈ শিল্পীগৰাকীৰ স্বাস্থ্যৰ বুজ লৈ যোৱাৰ পিচতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গোকুল পাঠকৰ চিকিৎসাৰ ব্যয় বহনৰ সিদ্ধান্তৰ কথা জনাইছিল ৷ ইপিনে গোকুল পাঠকৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিচতেই শোকস্তব্ধ হৈ পৰে বৰপেটা চহৰ ৷ এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পৰে ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেওবাৰে আনকি টেলিফোনযোগেও গোকুল পাঠকপ স্বাস্থ্যৰ খবৰ লৈছিল ৷

গোকুল পাঠকৰ মৃত্যুত অসম সাহিত্য সভা, বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মা, বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাস, বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে গভীৰ শোক প্ৰকাশ কৰিছে ৷ আনহাতে, বৰপেটা প্ৰেছ ক্লাৱ, বৰপেটা জিলা ছাত্ৰ সন্থা, সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰ, বৰপেটাৰ প্ৰাক্তন উপায়ুক্ত তথা গোকুল পাঠক ৰচনাৱলীৰ সম্পাদক থানেশ্বৰ মালাকাৰেও সাহিত্যিক গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ৷

মহীৰূহ গোকুল পাঠকৰ দেহাৱসান

আনহাতে গোকুল পাঠকৰ মৃত্যুত বৰপেটা জিলা জাৰ্নেলিষ্ট ইউনিয়ন, সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ, খিলঞ্জীয়া সুৰক্ষা বাহিনী, অসম, গৰিয়া মৰিয়া দেশী জাতি পৰিষদৰ সভাপতি আৰু সম্পাদকৰ লগতে তাঁতীকুছি, বৰপেটা, জাতিয়তাবাদী যুৱ পৰিষদ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰপেটা জিলা সমিতিয়ে শোক প্ৰকাশ কৰিছে ৷

ইপিনে গোকুল পাঠকৰ নাতি নাৰায়ণ পাঠকে সাংবাদিকৰ আগত প্ৰকাশ কৰিছে গোকুল পাঠকৰ শেষ ইচ্ছাৰ কথা ৷ গোকুল পাঠকে ভাতকুছি সত্ৰ চৌহদত সৎকাৰ কৰিবলৈ পৰিয়ালৰ লোকক জনায় যোৱা বুলি সাহিত্যিকগৰাকীৰ নাতি নাৰায়ণ পাঠকে জানিবলৈ দিছে ৷ গোকুল পাঠকৰ এই শেষ ইচ্ছাৰ কথা পৰিয়ালৰ লোকে জিলা উপায়ুক্তকো অৱগত কৰিছে ৷ গোকুল পাঠকৰ সৃষ্টিৰাজিৰ সংৰক্ষণৰ বাবে এটা সংগ্ৰহালয় স্থাপনৰ বাবেও পৰিয়ালৰ লোকে ৰাজ্য চৰকাৰক অনুৰোধ জনাইছে ৷

লগতে পঢ়ক : বৰপেটাৰ মহীৰূহ গোকুল পাঠকৰ দেহাৱসান

ABOUT THE AUTHOR

...view details