বৰপেটা, 21 জুলাই :কিছুদিন পূৰ্বে টংলাত বগলী নিধনৰ চকু সেমেকাই যোৱা ঘটনা পোহৰলৈ আহিছিল ৷ এই ঘটনাৰ উত্তেজনা সম্পূৰ্ণকৈ শেষ নৌহওঁতেই এইবাৰ পুনৰ বৰপেটাত খেতিপথাৰত বিষ দি পক্ষী হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ বৰপেটাৰ শিলাগাঁৱত একাংশ কৃষকে পক্ষীয়ে কঠিয়া খাই নষ্ট কৰিব নোৱাৰাকৈ কঠিয়াত বিষ প্ৰয়োগ কৰাৰ বাবেই কেইবাশ পক্ষী মৃত্যুমুখত পৰিছে ৷
পক্ষী হত্যাৰ উক্ত অমানৱীয় ঘটনা সন্দৰ্ভত বৰপেটা ৰোডৰ বনাঞ্চলিক বিষয়া গৌতম মহন্তৰ গোচৰৰ ভিত্তিত মান্নান আলী নামৰ এজন লোকক বৰপেটা আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ৷ ঘটনাটোৰ সৈতে জড়িত আন দুই অভিযুক্ত বৰ্তমান পলাতক হৈ আছে ৷ এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই । পৰিৱেশ আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন আৰু মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) ক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ।
ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পক্ষীৰ মৃত্যুৰ বিষয়টো গুৰুত্ব সহকাৰে লোৱাৰ লগতে পৰিৱেশ আৰু বনমন্ত্ৰীক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ পিচতেই বনমন্ত্ৰীয়ে দিয়ে এই কঠোৰ নিৰ্দেশনা ৷ সম্প্ৰতি লুপ্তপ্ৰায় পক্ষীৰ তালিকাত সন্নিৱিষ্ট ঘৰচিৰিকাকে ধৰি বহু পক্ষীৰ মৃত্যুৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক প্ৰকৃতিপ্ৰেমী সংগঠনসমূহে আদৰণি জনাইছে ৷ লগতে ঘটনাটোৰ সৈতে জড়িত প্ৰতিগৰাকী অভিযুক্তক আটক কৰিবলৈ দাবী জনাইছে ৷