অসম

assam

ETV Bharat / state

বৰপেটা-বাঘবৰ সংযোগী পথলৈ ভাবুকি - ভেলেঙী নদী

বাঘবৰ সমষ্টিৰ ৰাইজে বৰপেটা সদৰলৈ অহা যোৱা কৰাৰ এইটোৱে একমাত্ৰ পথ ৷ যদিহে পথটোৰে যাতায়ত বিঘ্নিত হৈ পৰে তেন্তে বাঘবৰ সমষ্টিৰ সকলো লোকে ভয়াৱহ সমস্যাৰ সন্মুখীন হোৱাতো নিশ্চিত ৷

বৰপেটা-বাঘবৰ সংযোগী পথটোলৈ বানে কঢ়িয়াইছে ভাবুকি

By

Published : Jul 18, 2019, 8:42 AM IST

বৰপেটা, ১৮ জুলাই :বানৰ কবলত পৰি ৰাজ্যখনৰ বাট-পথ সমূহ ক্ষতিগ্ৰস্ত হৈ পৰিছে ৷ তেনে সময়তে বৰপেটা-বাঘবৰ সংযোগী গড়কাপ্তানী পথটো ভেলেঙী নৈৰ বানে প্লাবিত কৰাৰ পিচত সম্প্ৰতি ভাতকুছিৰ দলঙৰ এপ্ৰোছটো খহি যাবলৈ লৈছে ৷ দলঙৰ এপ্ৰোছৰ বৃহৎ অংশ খহি যোৱাৰ ফলত পথটোৰ প্ৰতি ভাবুকি আহি পৰিছে ৷

বৰপেটা-বাঘবৰ সংযোগী পথটোলৈ বানে কঢ়িয়াইছে ভাবুকি

ইপিনে পথটোৰ দুৰৱস্থা দেখি পথটোৰে যাতায়াত ব্যাহত হৈ পৰাৰ আশংকাত বাঘবৰৰ ৰাইজ উদ্বিগ্ন হৈ পৰিছে । কিয়নো, বাঘবৰ সমষ্টিৰ ৰাইজে বৰপেটা সদৰলৈ অহা যোৱা কৰাৰ এইটোৱে একমাত্ৰ পথ ৷ যদিহে পথটোৰে যাতায়ত বিঘ্নিত হৈ পৰে তেন্তে বাঘবৰ সমষ্টিৰ সকলো লোকে ভয়াৱহ সমস্যাৰ সন্মুখীন হোৱাতো নিশ্চিত ৷ সেয়ে ৰাইজে পথটোৰ খহি যোৱা অংশ মেৰামতি কৰি যাতায়ত সুচল কৰিবৰ বাবে গড়কাপ্তানী বিভাগক দাবী জনাইছে ৷

ABOUT THE AUTHOR

...view details