বৰপেটা, ২ জুলাইঃ বিগত পাঁচ দিন ধৰি জলবন্দী হৈ আছে সৰ্থেবাৰীৰ বতিয়া, কালাতলি, বাথানৰট্টাৰি, নেউলাৰভিঠা, সৰ্থেবাৰী নগৰকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজ । বুঢ়াদিয়াৰ বাঢ়নী পানীৰ সোঁতে ইতিমধ্যে উটুৱাই নিছে কালাতলি গাঁৱৰ মথাউৰিটো ৷ ছিগা মথাউৰিৰে হোৰা হোৰে বুঢ়াদিয়া নৈৰ পানী সোমাই কালাতলি গাঁৱত সৃষ্টি কৰিছে বিপৰ্যয়ৰ ৷ বুঢ়াদিয়া নৈৰ লগতে টিহু নৈৰ বানেও তাণ্ডব চলাইছে অঞ্চলটোত ৷ ফলত বানৰ কবলত পৰা অঞ্চলবাসীৰ মাজত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতিৰ ।
জলবন্দী সৰ্থেবাৰীৰ ভিন্ন প্ৰান্তৰ ৰাইজঃ বানৰ কবলত ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ আখৰাগৃহ - বাঢ়নী পানী
সৰ্থেবাৰীত বাঢ়নী পানীয়ে সৃষ্টি কৰিছে তাণ্ডৱৰ ৷ জলবন্দী হৈ আছে সৰ্থেবাৰীৰ বতিয়া, কালাতলি, বাথানৰট্টাৰি, নেউলাৰভিঠা, সৰ্থেবাৰী নগৰকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজ । বাঢ়নী পানীৰ সোঁতে ইতিমধ্যে উটুৱাই নিছে কালাতলি গাঁৱৰ মথাউৰি ৷
ভাত এমুঠি ৰান্ধি খাবলৈও এতিয়া গাঁওবাসীৰ মাজত ঠাইৰ অভাৱ । ইপিনে এই বানৰ কবলত পৰিছে ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ আখৰাগৃহ । বানে বিস্তৰ ক্ষতিসাধন কৰিছে নাট্যদলটোৰ । সৰুক্ষেত্ৰী অঞ্চলত অব্যাহত থকা বানৰ এনে তাণ্ডবৰ পাচতো কুম্ভকৰ্ণ নিদ্ৰাত মগ্ন হৈ আছে প্ৰশাসন তথা জনপ্ৰতিনিধি । বানপানীয়ে এইদৰে প্ৰতিবছৰে সৰুক্ষেত্ৰীৰ ৰাইজক জুৰুলা কৰি আহিছে যদিও বান প্ৰতিৰোধৰ ক্ষেত্ৰত নাই কোনো তৎপৰতা ৷ আনহাতে অঞ্চলটোৰ ৰাইজৰ এনে দুৰ্যোগৰ সময়চোৱাত জিলা প্ৰশাসন আৰু চৰকাৰৰ নিৰ্লিপ্ততাৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে মুছলিম ছাত্ৰ সন্থাৰ সভাপতি জালালউদ্দিনে ৷