অসম

assam

ETV Bharat / state

জনীয়াত বানৰ তাণ্ডৱ

ভূটানৰ পৰা নামি অহা বেঁকী নৈৰ এই বাঢ়নী পানীয়ে  মঙলবাৰে বৰডাঙা, কামাপাৰা, খাটাকুচি, কাচুকাটি, সুতিৰপাথাৰ আদিৰ লগতে প্ৰায় কুৰিখন গাঁও প্লাৱিত কৰে

By

Published : Jun 26, 2019, 8:23 AM IST

জনীয়াত বানৰ তাণ্ডৱ

জনীয়া, ২৫ জুন: বেঁকী নৈৰ প্ৰথমটো বানৰ কৱলত জনীয়া । ভূটানৰ পৰা নামি অহা পানীয়ে বুৰাই পেলাইছে জনীয়াৰ কুৰিখন গাঁও। ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি ।

জনীয়াত বানৰ তাণ্ডৱ

বৰপেটা জিলাৰ জনীয়া সমষ্টিত বানৰ তাণ্ডৱ । জিলাখনৰ বেঁকী নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে কুৰিখনতকৈ অধিক গাওঁ । ভূটানৰ পৰা নামি অহা বেঁকী নৈৰ এই বাঢ়নী পানীয়ে মঙলবাৰে বৰডাঙা, কামাপাৰা, খাটাকুচি, কাচুকাটি, সুতিৰপাথাৰ আদিৰ লগতে প্ৰায় কুৰিখন গাঁও প্লাৱিত কৰে । হঠাৎ অহা বানৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৰাইজ মাজত ৷ আনহাতে, অঞ্চলটোৰ 667 নং প্ৰাথমিক বিদ্যালয় খনো পানীৰ তলত যাৰ বাবে ব্যাহত হৈছে পাঠদান ৷ লগতে বান পৰিস্থিত সন্দৰ্ভত বৰ্তমান পৰ্যন্ত প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে ভুক্তভোগী ৰাইজ ৷

ABOUT THE AUTHOR

...view details