অসম

assam

By

Published : Sep 11, 2019, 10:17 AM IST

ETV Bharat / state

কলগাছিয়াত ভয়াৱহ অগ্নিকাণ্ড

পুৱতি নিশাৰ অগ্নিকাণ্ডত ভষ্মীভূত দুখন দেকান ৷ শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ ৷

কলগাছিয়াত ভয়াৱহ অগ্নিকাণ্ড


কলগাছিয়া, 11 চেপ্তেম্বৰঃ কলগাছিয়াৰ গুনিয়ালগুৰি বজাৰত বুধবাৰে পুৱতি নিশা সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড ৷ স্থানীয় ৰাইজ আৰু কলগাছিয়া অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন কৰা হয় যদিও ওমৰ আলী আৰু তাৰিফ আলী নামৰ দুজন ব্যক্তিৰ দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণ ৰূপে ভষ্মীভূত হয় । প্ৰাপ্ত তথ্য মতে, অগ্নিকাণ্ডত প্ৰায় ৪ লাখ টকাৰ সম্পত্তি ভষ্মীভূত হয় ৷ এই অগ্নিকাণ্ডৰ পৰা বজাৰ খনৰ আন শতাধিক দোকানৰ উপৰিও বজাৰৰ কাষতে থকা গুনিয়ালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, এম ভি স্কুল আৰু জামে মচজিদ কথমপি ৰক্ষা পৰে । অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হয় বুলি একাংশই সন্দেহ প্ৰকাশ কৰিছে ৷

কলগাছিয়াত ভয়াৱহ অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details