অসম

assam

ETV Bharat / state

ফেচবুকত অপপ্ৰচাৰ চলোৱা লোকৰ বিৰুদ্ধে এজাহাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসৰ

বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসে তেওঁৰ বিৰুদ্ধে ফেচবুকত অপপ্ৰচাৰ চলোৱাৰ অভিযোগত, দুগৰাকী লোকৰ বিৰুদ্ধে বৰপেটা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ।

fir against two person by mla gunindra nath das
fir against two person by mla gunindra nath das

By

Published : Apr 7, 2020, 7:15 PM IST

বৰপেটা, ৭ এপ্ৰিলঃবৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসৰ বিৰুদ্ধে ফেচবুকত অপপ্ৰচাৰ চলোৱাৰ অভিযোগত গোচৰ ৰুজু বৰপেটা আৰক্ষী চকীত । বৰপেটাৰ ব্ৰজ কুমাৰ দাস আৰু জিতেন্দ্ৰ নাথ দাস নামৰ দুগৰাকী লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে বিধায়ক গুনীন্দ্ৰ নাথ দাসে । দুয়োগৰাকী লোকে বৰপেটাৰ অগপ বিধায়কজন নিৰুদ্দেশ হোৱা বুলি কোৱাৰ লগতে বিধায়কজনৰ সন্ধান দিব পৰা জনক পুৰস্কাৰ দিয়া হ'ব বুলি ফেচবুকযোগে পোষ্ট কৰিছিল । এনে অপপ্ৰচাৰৰ আঁৰত তেওঁলোকৰ কোনো অভিসন্ধি থকা বুলি উল্লেখ কৰে বিধায়ক গৰাকীয়ে । এই ক্ষেত্ৰত তেওঁৰ এজাহাৰৰ ভিত্তিত কোনো ৰাজনৈতিক চাপ নপৰাকৈ আৰক্ষী প্ৰশাসনক আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনায় ।

ফেচবুকত অপপ্ৰচাৰ চলোৱা লোকৰ বিৰুদ্ধে এজাহাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসৰ

ABOUT THE AUTHOR

...view details