জনীয়া,১৯জুলাই:জনীয়া সমষ্টিৰ অন্তৰ্গত ৫৮ নং গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰাবিয়া খাতুন নামৰ মহিলাগৰাকীক আনিছু জ্জামান নামৰ এগৰাকী জ্যেষ্ঠ নাগৰিকে লকডাউনৰ সময়ত ১ হেজাৰ টকাকৈ প্ৰদান কৰা হিতাধিকাৰীৰ তালিকাখন বিচাৰে । অভিযোগ উঠিছিল পঞ্চায়তখনৰ অন্তৰ্গত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ কাৰ্ড নথকা বহু লোকক এক হেজাৰ টকাৰ সাহাৰ্য নিদি খাদ্য সুৰক্ষাৰ কাৰ্ড থকা হিতাধিকাৰীক প্ৰদান কৰিছে পঞ্চায়তখনৰ সভানেত্ৰী ৰাবিয়া খাতুনে ।
ইয়াৰে বহু লোকে গাঁওখনৰ এগৰাকী জ্যেষ্ঠ নাগৰিক আনিছু জ্জামানে পঞ্চায়ত সভানেত্ৰীগৰাকীৰ এই দূৰ্নীতিৰ কথা সদৰি কৰাত ৰাইজৰ হৈ সভানেত্ৰীগৰাকীৰ পৰা ধন লোৱা হিতাধিকাৰীসকলৰ তালিকাখন বিচাৰে ।
এয়াই জ্যেষ্ঠ নাগৰিক আনিছু জ্জামানৰ ভুল । হিতাধিকাৰীৰ তালিকাখন বিচৰাৰ খঙতে সভানেত্ৰীৰ স্বামী আমজাদ হুছেইন নামৰ ব্যক্তি গৰাকীয়ে একাংশ দুষ্ট প্ৰকৃতিৰ লোকক লগত লৈ আবেদনকাৰী আনিছু জ্জামানক অসুস্থতাৰ বাবে চিকিৎসালয়ত চিকিৎসাধীন থকা অৱস্থাতে বিভিন্ন অশ্লীল বাক্যবানৰ লগতে দিলে ভয় ভাবুকি ।