বৰপেটা, ২ ছেপ্টেম্বৰঃ সাম্প্ৰতিক সময়ত চিত্ৰ শিল্পৰ জগতত ইল্যুচন শিল্পকৰ্মৰে দেশে বিদেশে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে অসম সন্তান শুচিব্ৰত ৰয়ে ৷ বৰপেটাৰ সৰ্থেবাৰীৰ সমীপৰ আমৃখোৱা গাঁৱৰ শুচিব্ৰত ৰয়ে নিজস্ব সাধনা আৰু শিল্পকৰ্মৰে ইল্যুচন শিল্পক দিছে এক অন্য পৰিচয় ৷ যদিও ভাৰততে প্ৰথম ইল্যুচন শিল্পৰ আৰম্ভনি হৈছিল, সাম্প্ৰতিক সময়ত কিন্তু ভাৰতবৰ্ষত ইল্যুচন শিল্পৰ চৰ্চা অতিশয় সীমিত ৷ ইয়াৰ বিপৰীতে শুচিব্ৰত ৰয়ে নিজস্ব সাধনাৰে এচিয়াৰ ভিতৰতে এলফাবেটিক ইল্যুচন চিত্ৰশিল্পী হিচাপে দাৰুল হুডা ইছলামিক ইউনিভাৰ্চিটীৰ পৰা স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে ৷
ইল্যুচন শিল্পৰে দেশে বিদেশে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম এগৰাকী শিল্পী - চিত্ৰশিল্পী হিচাপে দাৰুল হুডা ইছলামিক ইউনিভাৰ্চিটী
শুচিব্ৰত ৰয়ে নিজস্ব সাধনাৰে এচিয়াৰ ভিতৰতে এলফাবেটিক ইল্যুচন চিত্ৰশিল্পী হিচাপে দাৰুল হুডা ইছলামিক ইউনিভাৰ্চিটীৰ পৰা স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে ৷
ইপিনে মনোৰোগ চিকিৎসাৰ ক্ষেত্ৰত বিশেষ ইল্যুচন পদ্ধতি ব্যৱহাৰ কৰি এইগৰাকী প্ৰতিভাৱান যুৱ ইল্যুচন শিল্পীয়ে নীলৰতন সৰকাৰ মেডিকেল কলেজ হাস্পতালৰ মনোৰোগ বিভাগৰ পৰা স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে ৷ নিজৰ শিল্পকৰ্মক আগবঢ়াই নিয়াৰ বাবে দীৰ্ঘকাল কলকতাত থকা শুচিব্ৰত ৰয়ে নেপাল, বাংলাদেশ, ভূটান আদি ৰাষ্ট্ৰ সমূহৰ বিভিন্ন বিশ্ববিদ্যালয়ত অতিথি অধ্যাপক হিচাপে ভাষণ প্ৰদান কৰি ড৹ এ পি জে আব্দুল কালাম আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰখ্যাত সংগীতজ্ঞ ডাৰেণ ক্ৰীপছ , সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ লগতে বহু কেইখন বিশ্ববিদ্যালয়, ললিত কলা একাডেমী আদিৰ দ্বাৰা প্ৰশংশিত হৈছে ৷ শেহতীয়াভাৱে অসম ইয়াৰ বুক, অসমীয়া বুক অব ৰেকৰ্ডচ্ আৰু অভিলেখত অসম আৰু অসমীয়া শীৰ্ষক তিনিখনকৈ গ্ৰন্থত তেঁও স্থান লাভ কৰবলৈ সক্ষম হৈছে ৷
লগতে পঢ়কঃ মৰিগাঁও আৰক্ষীৰ জালত চাইবাৰ অপৰাধী