অসম

assam

ETV Bharat / state

চৰকাৰী আঁচনিত অন্তৰ্ভুক্ত হৈছে ভুৱা বিধৱাৰ নাম

অৰুনোদয় আঁচনিত অনিয়মৰ লগতে বিভিন্ন আঁচনিত ব্য়াপক অনিয়মৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ পঞ্চায়তৰ সভাপতি আৰু সদস্যৰ তালিকা একাশৰীয়া কৰি কোনে একাংশ ভুৱা বিধৱাৰ নাম অন্তৰ্ভুক্ত কৰিছে সেয়া এক লক্ষণীয় বিষয় হৈ পৰিছে ৷

চৰকাৰী আঁচনিত অন্তৰ্ভুক্ত হৈছে ভুৱা বিধৱাৰ নাম
চৰকাৰী আঁচনিত অন্তৰ্ভুক্ত হৈছে ভুৱা বিধৱাৰ নাম

By

Published : Oct 19, 2020, 7:08 PM IST

বৰপেটা ১৯ অক্টোবৰ:বৰপেটাৰ ১৭নং মধ্য সৰুক্ষেত্ৰী গাওঁ পঞ্চায়তত অৰুনোদয় আঁচনিৰ তালিকা প্ৰস্তুতৰ কামত ব্য়াপক অনিয়মৰ অভিযোগ ৷ অৰুনোদয় আঁচনিত অনিয়মৰ লগতে বিভিন্ন আঁচনিত ব্য়াপক অনিয়মৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ খোদ গাওঁ পঞ্চায়তৰ সদস্য, সভানেত্ৰী দিপ্তী নাথ আৰু বঞ্চিত হিতাধিকাৰীয়ে প্ৰকৃত বিধৱা আৰু বিকলংগ সকলক আচঁনিখনৰ পৰা নাম আঁতৰাই দিয়াৰ খলত এতিয়া সমস্যাৰ সন্মূখীন হৈছে স্থানীয় ৰাইজে ৷

উল্লেখ্য যে, পঞ্চায়তৰ সভাপতি আৰু সদস্যই বাচনি কৰি দিয়া অধিকাংশ প্ৰাৰ্থীৰ নাম কৰ্তন কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ লগতে কেইবাজনো ভুৱা বিধৱাৰে তালিকা প্ৰস্তুত কৰা হৈছে ৷ পঞ্চায়তৰ সভাপতি আৰু সদস্যৰ তালিকা একাশৰীয়া কৰি কোনে একাংশ ভুৱা বিধৱাৰ নাম অন্তৰ্ভুক্ত কৰিছে বৰ্তমান সেয়া এক লক্ষণীয় বিষয় হৈ পৰিছে ৷

চৰকাৰী আঁচনিত অন্তৰ্ভুক্ত হৈছে ভুৱা বিধৱাৰ নাম

লগতে পঢ়ক :বৰপেটাত পবিত্ৰ কাতি মহীয়া নাম আৰম্ভ

ABOUT THE AUTHOR

...view details