বৰপেটা, ১৯ ফেব্ৰুৱাৰী :বৰপেটা মেডিকেল কলেজত অঘটন ৷ আৰক্ষীৰ চকুত ধূলি দি বৰপেটা মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকা গুলীবিদ্ধ গাঞ্জা ব্যৱসায়ী সুমন নমোৰ পলায়ন (Suman Namu escaped from Barpeta Medical College Hospital) ৷ সেই ঘটনাক কেন্দ্ৰ কৰি বৰপেটা মেডিকেল কলেজ হাস্পতালত সৃষ্টি হৈছে এক উত্তেজনাময় পৰিস্থিতিৰ ৷
জানিব পৰা মতে, বিগত ১৬ ফেব্ৰুৱাৰীত কোকৰাঝাৰত এখন ট্ৰাকৰ পৰা প্ৰায় ৩৫০ কেজি গাঞ্জাসহ সুমন নমো আৰু ৰাহুল সৰকাৰক গ্ৰেপ্তাৰ কৰিছিল কোকৰাঝাৰ আৰক্ষীয়ে ৷ সিদিনাই নিশাই আৰক্ষীৰ পিষ্টল কাঢ়ি গুলী চলাবলৈ উদ্যত হৈছিল আটকাধীন সুমন নমোয়ে ৷ পৰৱৰ্তী সময়ত ঘটনা বিষম দেখি কোকৰাঝাৰ আৰক্ষীয়ে গুলীয়াবলৈ বাধ্য হয় সুমনক ৷ ফলত আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হৈছিল সুমন নমো নামৰ গাঞ্জা ব্যৱসায়ীটো ৷
তাৰ পিচৰে পৰাই বৰপেটা মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছিল আটকাধীন গাঞ্জা ব্যৱসায়ীটো ৷
অৱশ্যে যোৱা নিশা অৰ্থাৎ শুকুৰবাৰে প্ৰায় ৩ বজাত আৰক্ষীৰ চকুত ধূলি দি হেণ্ডকাফৰ ৰচী কাটি হাস্পতালৰ পৰা পলায়ন কৰে আটকাধীন সুমন নামোৰে ৷ ইপিনে সুমন নমোৰ পলায়নক লৈ মুখ নোখোলে বৰপেটা আৰক্ষীয়ে ৷ আনকি সুমন নমোৰ সুৰক্ষাৰ দায়িত্বত থকা কোকৰাঝাৰ আৰক্ষীয়েও ঘটনা সম্পৰ্কে মন্তব্য কৰাৰ পৰা বিৰত থাকে ৷