অসম

assam

ETV Bharat / state

বেঁকী নৈৰ বানত চিঙি যোৱাৰ উপক্ৰম হৈছে কলগাছিয়া-আমগুৰি সংযোগী পথচোৱা - কলগাছিয়া ৰাজহ চক্ৰ

কলগাছিয়াৰ আমগুৰিত বেঁকী নৈয়ে লৈছে ভয়ঙ্কৰ ৰূপ । বেঁকী নৈৰ বাঢ়নী পানীত ছিঙাৰ উপক্ৰম হৈছে কলগাছিয়া-আমগুৰি সংযোগী পথটো। ফলত বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে পথচাৰীৰ লগতে স্থানীয় ৰাইজ ।

erosion of pmgsy road at kalgachiya amguri connection
বেঁকী নৈৰ বানত চিঙি যোৱাৰ উপক্ৰম হৈছে কলগাছিয়া-আমগুৰি সংযোগী পথচোৱা

By

Published : Jul 11, 2020, 8:41 PM IST

জনীয়া,১১ জুলাই:চলিত বছৰতে হৈ যোৱা দ্বিতীয়টো বানৰ পিছতে কলগাছিয়াবাসী ৰাইজৰ মাজত সৃষ্টি হৈছে বিভিন্ন সমস্যাৰ। কলগাছিয়া বাসীৰ বৰ্তমানেও পানীত হাঁহ নচৰাৰ এক অৱস্থা । এনে এক পৰিস্থিতিত বেঁকী নৈৰ তৃতীয়টো বানে ভূতৰ ওপৰত দানহ পৰাদি পৰিছে কলগাছিয়া বাসীৰ লগতে জনীয়া সমষ্টিৰ ৰাইজৰ মাজত । বৰপেটা জিলাৰ জনীয়া সমষ্টি তথা কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত আমগুৰি গাঁৱতPMGSY আঁচনিৰ অন্তৰ্গত পথটোৰো অৱস্থা এতিয়া অতিকে শোচনীয় ।

বেঁকী নৈৰ বানত চিঙি যোৱাৰ উপক্ৰম হৈছে কলগাছিয়া-আমগুৰি সংযোগী পথচোৱা

তৃতীয়টো বানৰ ফলত কলগাছিয়া-আমগুৰি সংযোগী পথটো বৰ্তমান ছিঙি যোৱাৰ উপক্ৰম হৈছে । যাৰ ফলত আন এক ভাবুকি আহিছে আমিগুৰিস্থিত পানী যোগান আঁচনি খনলৈকো । শনিবাৰে পুৱাৰ পৰাই স্থানীয় ৰাইজে পথটোৰ মেৰামতিৰ কাম আৰম্ভ কৰিছে যদিও এই লৈ বিভাগীয় কৰ্তৃপক্ষৰ পৰা অহা নাই কোনো ধৰণৰ সহাৰি ।

স্থানীয় ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বিভাগীয় কৰ্তৃপক্ষই বিষয়টোক গুৰুত্ব সহকাৰে লৈ পথটো শীঘ্ৰে মেৰামতি কৰি অঞ্চল বাসীক উদ্ধাৰৰ বাবে আহ্বান জনাইছে সকলোৱে ।

লগতে চাওকঃ কাৰাৰুদ্ধ কৃষক নেতাৰ উন্নত চিকিৎসা আৰু মুক্তিৰ দাবীত শিৱসাগৰত পথ অৱৰোধ

ABOUT THE AUTHOR

...view details