অসম

assam

ETV Bharat / state

বেঁকী নদীৰ খহনীয়াই গৃহহীন কৰিলে 6 টাকৈ পৰিয়ালক - কলগাছিয়া ৰাজহ চক্ৰ

বেঁকী নদী খহনীয়াৰ ভয়ংকৰ ৰূপ ৷ বাঢ়নী পানীয়ে চপৰা-চপৰে খহাইছে বেঁকী নদীৰ গৰা ৷ নিৰাপদ স্থানলে স্থানান্তৰৰ হৈছে পাঁচখনত কৈ অধিক গাঁৱৰ ৰাইজ ৷

erosion beki river
বেকী নদীৰ খহনীয়াই গৃহহীন কৰিলে 6 টাকৈ পৰিয়াল

By

Published : Jul 12, 2021, 6:52 PM IST

জনীয়া, 12 জুলাই :বেঁকী নদীৰ (Beki River) গৰাখহনীয়া খবৰ চলিত বছৰতে বহুবাৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে ৷ এইবাৰে প্ৰথম নহয় বেঁকী নদীৰ খহনীয়া ৷ প্ৰত্যেক বছৰে নদীপৰীয়া ৰাইজক জলা-কলা খুৱাই আহিছে বেঁকী নদীৰ খহনীয়াই ৷ পুনৰবাৰ বেঁকী নদীৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰবাল্লী গাঁৱত ।

বাঢ়নীপানীয়ে চপৰা-চপৰে খহাইছে বেঁকী নদীৰ পাৰ ৷ বেঁকী নদী খহনীয়াৰ কৱলত পৰি খাৰবাল্লী গাঁৱৰ 6 টা পৰিয়াল গৃহহীন হৈছে বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷ ইয়াৰ লগতে বহু কৃষি ভূমি বেঁকী নদীৰ বুকুত জাহ গৈছে বুলি জানিব পৰা গৈছে ৷

বেকী নদীৰ খহনীয়াই গৃহহীন কৰিলে 6 টাকৈ পৰিয়াল

স্থানীয় লোকৰ অভিযোগ অনুসৰি খৰালিৰ দিনত খাৰবাল্লী গাঁৱৰ সমীপৰ বেঁকী নদীত একাংশ বালি মাফিয়াই অবৈধ বালিখনন কৰি বালিৰ ব্যৱসায় কৰাৰ ফলত নদীখনে সুঁতি সলাইছে ৷ সুঁতি সলাই গাঁওখনৰ দিশে বৈ অহা বেঁকী নদীৰ (Beki River) বাঢ়নীপানীয়ে গাঁওখনৰ ৰাইজৰ মাজত এক ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰিছে ৷

নদীখনৰ বঢ়নীপানীয়ে সৃষ্টি কৰা গৰাখহনীয়া ফলত 6 টা কৈ পৰিয়াল গৃহহীন হোৱাৰ উপৰিও গাঁওখনৰ একমাত্ৰ শিক্ষানুষ্ঠান ৮০৬ নং খাৰবাল্লী প্ৰাথমিক বিদ্যালয়লৈ কঢ়িয়াই আনিছে ভাবুকি ৷ ইফালে, খহনীয়াৰ আতংকত কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ ৰাইজ নিৰাপদ স্থানলৈ স্থানান্তৰিত হৈছে ৷ অনাগত দিনত চৰকাৰে বেঁকী (Beki River) নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে স্থায়ী ব্যৱস্থা নকৰিলে আমগুৰি, কলগাছিয়া, সুতিৰপাথাৰ, শওপুৰকে ধৰি পাঁচখনকৈ ৰাজহ গাঁও অসমৰ মানচিত্ৰৰ পৰা নাইকীয়া হৈ যাব বুলি আশংকা কৰিছে ৰাইজে ৷ গতিকে ভুক্তভোগী ৰাইজে বেকী নদী খহনীয়া প্ৰতিৰোধৰ বাবে স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিবলৈ জলসম্পদ বিভাগৰ লগতে চৰকাৰক দাবী জনাইছে ৷

লগতে পঢ়ক: গণ সংক্ৰমণৰ বাবে অৰ্ধ সামৰিক বাহিনীৰ দায়িত্বত যোৰহাট

ABOUT THE AUTHOR

...view details