অসম

assam

ETV Bharat / state

বৰপেটাৰ বাঘবৰত ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ খহনীয়া - বাঘবৰৰ কেইবা শ বিঘা কৃষি ভূমি খহনীয়াত জাহ

বিগত কেইবাদশক ধৰি বাঘবৰত অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ গৈছে বাঘবৰৰ কেইবা শ বিঘা কৃষি ভূমি ৷ শেহতীয়াকৈ বাঘবৰৰ পাহাৰপুৰ গাঁৱৰ কেইবা শ পৰিয়ালৰ ঘৰ-বাৰী, ভেটি-মাটি জাহ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত ৷

Erosion at Paharpur village of Barpeta by Brahmaputra river
বৰপেটাৰ বাঘবৰৰ পাহাৰপুৰ গাঁৱত ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ খহনীয়া

By

Published : Jun 4, 2020, 11:51 AM IST

বৰপেটা, ৪ জুনঃ বৰপেটাৰ বাঘবৰ সমষ্টিৰ পাহাৰপুৰ গাঁৱত অব্যাহত আছে ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ খহনীয়া ৷ বিগত কেইবাদশক ধৰি বাঘবৰত অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ গৈছে বাঘবৰৰ কেইবা শ বিঘা কৃষি ভূমি ৷ শেহতীয়াকৈ বাঘবৰৰ পাহাৰপুৰ গাঁৱৰ কেইবা শ পৰিয়ালৰ ঘৰ-বাৰী, ভেটি-মাটি জাহ গৈছে ব্ৰহ্মপুত্ৰ নদীত ৷ খহনীয়াত পতিত গাঁৱবাসীয়ে ঘৰ-বাৰী হেৰুৱাই আশ্ৰয় ল'ব লগা হৈছে অন্যস্থানত ৷ ব্ৰহ্মপুত্ৰ নৈয়ে সকলো ঢাহি মুহি নিয়াৰ পিচত নৈৰ পাৰত মাথো পৰি ৰৈছে খহনীয়াগ্ৰস্থ লোকৰ ভেটিৰ অবশিষ্ট অংশ ৷

বৰপেটাৰ বাঘবৰৰ পাহাৰপুৰ গাঁৱত ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ খহনীয়া

উল্লেখ্য যে, বিগত এমাহৰ ভিতৰত অঞ্চলটোৰ কেইবা শ বিঘা শস্য শ্যামলা কৃষি ভূমিও জাহ গৈছে ব্ৰহ্মপুত্ৰ নৈৰ বুকুত ৷ ঘৰ-ভেটি, কৃষিভূমি হেৰুৱাই গাঁৱবাসী সৰ্বস্বান্ত হৈ পৰিছে যদিও অঞ্চলটোৰ খহনীয়া সমস্যা সমাধানৰ বাবে চৰকাৰ অথবা জলসম্পদ বিভাগে কোনো ব্যৱস্থা নকৰাৰ অভিযোগ স্থানীয় লোকৰ ৷ এইক্ষেত্ৰত স্থানীয় বিধায়ক শ্বেৰমান আলী আহমেদেও কোনা ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷ বাঘবৰৰ পাহাৰপুৰত অব্যাহত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে খৰালি কালত কোনো ব্যৱস্থা গ্ৰহন নকৰাৰ ফলতেই অঞ্চলটেৰ লোকসকল খহনীয়াৰ কবলত পৰি সৰ্বস্বান্ত হ'বলগীয়া হোৱা বুলিও ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃ ঐতিহাসিক ধোদৰ আলিৰ বিধ্বস্ত ৰূপঃ নিৰ্বিকাৰ গড়কাপ্তানি বিভাগ !

ABOUT THE AUTHOR

...view details