অসম

assam

ETV Bharat / state

বাঘবৰ সমষ্টিৰ হাপাচৰ গাঁৱত ব্যাপক গৰাখহনীয়া: শংকিত ৰাইজ - নামনি অংশত জিঅ’ বেগৰ কাম কৰাত

বাঘবৰৰ হাপাচৰ গাঁৱত প্ৰবল গৰাখহনীয়া ৷ বিগত সপ্তাটোতেই উছন হ’ল 6 টাকৈ পৰিয়ালৰ ভেটি ৷ শংকিত স্থানীয় ৰাইজ ৷

erison-in-kalgasia
বাঘবৰ সমষ্টিৰ হাপাচৰ গাঁৱত ব্যাপক গৰাখহনীয়া: শংকিত ৰাইজ

By

Published : Mar 7, 2021, 4:46 PM IST

বাঘবৰ বৰপেটা,7 মাৰ্চঃ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত তথা বাঘবৰ সমষ্টিৰ হাপাচৰ গাঁৱত মানাহ নদীৰ গৰাখহনীয়াৰ কালৰূপ ধাৰণ ৷ বিগত ছমাহ ধৰি মানাহ নদীৰ গৰাখহনীয়াত শতাধিক পৰিয়ালৰ ঘৰ ভেটি উছন হোৱাৰ লগতে শস্য শ্যামলা খেতি পথাৰ নদীৰ বুকুত জাহ যোৱাত সৰ্বস্বান্ত হৈ পৰিছে হাপাচৰ গাঁৱৰ ৰাইজ ৷ বিগত সপ্তাটোতেই উছন হ’ল 6 টাকৈ পৰিয়ালৰ বাসগৃহ ৷ গৰাখহনীয়া প্ৰতিৰোধৰ নামত বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে জিলা উপায়ুক্তৰ উপস্থিতিত পূৰ্বেই তিনি কোটি পঞ্চাশ লাখ টকাৰ খৰচেৰে জিঅ' বেগৰ আধাৰশিলা স্থাপন কৰিছিল যদিও নদীৰ উজনি অঞ্চলত খহনীয়াগ্ৰস্ত অংশত কাম নকৰাকৈ নামনি অংশত জিঅ’ বেগৰ কাম কৰাত গৰাখহনীয়াই তীব্ৰৰূপ ধাৰণ কৰি খহাই নিছে 6 টাকৈ পৰিয়ালৰ ভেটি ৷

বাঘবৰ সমষ্টিৰ হাপাচৰ গাঁৱত ব্যাপক গৰাখহনীয়া: শংকিত ৰাইজ

সম্প্ৰতি খহনীয়াগ্ৰস্ত পৰিয়াল কেইটাই ৰাস্তাত আশ্ৰয় গ্ৰহণ কৰাৰ পিছতো বিধায়ক শ্বেৰমান আলীয়ে ক্ষতিগ্ৰস্ত লোক সকলৰ এবাৰ খবৰ লবলৈকো আহৰি পোৱা নাই ৷ যাৰ ফলত ক্ষোভিত হৈ পৰিছে হাপাচৰ গাৱঁৰ ৰাইজ ৷ শীঘ্ৰে গৰা-খহনীয়াগ্ৰস্ত অঞ্চলটোত প্ৰতিৰোধৰ স্থায়ী ব্যৱস্থা হাতত লবলৈ চৰকাৰক দাবী জনাইছে হাপাচৰ গাঁৱৰ ৰাইজে ৷

লগতে পঢ়কঃদীপ্তেশ্বৰী দেৱালয়ত আশীষ ল’লে ভৱেশ কলিতাই

ABOUT THE AUTHOR

...view details