অসম

assam

ETV Bharat / state

নৱ শৰণীয়া মতা নে মাইকী ৰাইজে নাজানেঃ হাগ্ৰামা মহিলাৰী

মহিলাৰীয়ে নৱ শৰণীয়াক সমালোচনা কৰি কয় বিগত নিৰ্বাচনত ৰাইজে নেদেখাকৈ নৱ শৰণীয়াক ভোট দি জিকাইছিল ৷ ভোট দিয়াৰ পাছত আজিলৈকে নৱ শৰণীয়াক ভোটাৰ ৰাইজে দেখা নাই বুলিও মন্তব্য মহিলাৰীৰ ।

By

Published : Apr 19, 2019, 11:22 PM IST

বৰপেটাত নিৰ্বাচনী প্ৰচাৰ হাগ্ৰামা মহিলাৰীৰ

বৰপেটা, ১৯ এপ্ৰলঃ বৰপেটাত হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী সভা । বিজেপিৰ শাসনত ১ টকীয়া চাউল ৫০ পইচাত আৰু দুই তোলা সোণ দিম বুলি মন্তব্য মহিলাৰীৰ ।

প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিখন সভাত জনসাধাৰণক নিৰ্বাচনী টোপ দি ৰাইজক প্ৰতাৰণা কৰাটো প্ৰতিটো ৰাজনৈতিক দলৰ বৈশিষ্ট্য হৈ পৰিছে । ঠিক একেদৰে মহিলাৰীয়েও নিৰ্বাচন শেষ হোৱাৰ পাছত মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি ১ টকীয়া চাউল ৫০ পইচাত আৰু এক তোলা সোণৰ পৰিৱৰ্তে দুই তোলা সোণ দিয়াৰ প্ৰলোভন দিয়ে ৷ লগতে মহিলাৰীয়ে নৱ শৰণীয়াক সমালোচনা কৰি কয় বিগত নিৰ্বাচনত ৰাইজে নেদেখাকৈ নৱ শৰণীয়াক ভোট দি জিকাইছিল ৷ ভোট দিয়াৰ পাছত আজিলৈকে নৱ শৰণীয়াক ভোটাৰ ৰাইজে দেখা নাই ৷ নৱ শৰণীয়া মতা নে মাইকী সেইটোও ৰাইজে নাজানে বুলি কটাক্ষ কৰে মহিলাৰীয়ে ।

বৰপেটাত নিৰ্বাচনী প্ৰচাৰ হাগ্ৰামা মহিলাৰীৰ

ABOUT THE AUTHOR

...view details