অসম

assam

ETV Bharat / state

জনীয়াত নিৰ্বাচনী পৰিচালনা সমিতি গঠন - সাম্প্ৰদায়িক মন্তব্য

মহাজোঁটৰ সমৰ্থিত প্ৰাৰ্থী হাফিজ ৰফিকুল ইছলামে প্ৰশান্ত ফুকনৰ সাম্প্ৰদায়িক মন্তব্যক প্ৰত্যাহ্বান জনাই মহাজোঁটৰ চৰকাৰ হ’লে মন্দিৰ-নামঘৰতো উপাসনা চলি থাকিব আৰু মজছিদতো নামাজ চলিব বুলি মন্তব্য কৰে । তেওঁ বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হৈ সাম্প্ৰদায়িক মন্তব্যৰে মেৰু বিভাজনৰ চেষ্টা কৰা বুলি উল্লেখ কৰে ৷

Election campaign Committee formed in Jonai
জনীয়াত মহাজোঁটৰ প্ৰাৰ্থী নিৰ্বাচনী পৰিচালনা সমিতি গঠন

By

Published : Mar 22, 2021, 7:30 PM IST

কলগাছিয়া,22 মাৰ্চ: কলগাছিয়াত সোমবাৰে জনীয়া সমষ্টিৰ মহাজোঁটৰ সমৰ্থিত এআইইউডিএফ-ৰ প্ৰাৰ্থী হাফিজ ৰফিকুল ইছলামৰ নিৰ্বাচনী পৰিচালনা সমিতিখন গঠন কৰা হয় । মহাজোঁটৰ সমৰ্থিত প্ৰাৰ্থী হাফিজ ৰফিকুল ইছলামৰ বাসগৃহৰ প্ৰাংগণত চিপিআই (এম), কংগ্ৰেছ আৰু এআইইউডিএফ-ৰ কৰ্মীসকলৰ উপস্থিতিত সভাখন অনুষ্ঠিত হয় । সভাৰ প্ৰস্তাৱ মৰ্মে কংগ্ৰেছ, চিপিআই (এম) আৰু এআইইউডিএফ-ৰ নেতা-কৰ্মীক সাঙুৰি গঠন কৰা হয় শক্তিশালী পৰিচালনা সমিতিখন । খন্দকাৰ জাকিৰ হুছেইন, ডাঃ ছোৰমান আলী আৰু আব্দুল আজিজক সভাপতি আৰু শিৰাজুল ইছলামক মুখ্য সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয় ৷

জনীয়াত মহাজোঁটৰ প্ৰাৰ্থী নিৰ্বাচনী পৰিচালনা সমিতি গঠন

সভাত মহাজোঁটৰ সমৰ্থিত প্ৰাৰ্থী হাফিজ ৰফিকুল ইছলামে প্ৰশান্ত ফুকনৰ সাম্প্ৰদায়িক মন্তব্যক প্ৰত্যাহ্বান জনাই মহাজোঁটৰ চৰকাৰ হ’লে মন্দিৰ-নামঘৰতো উপাসনা চলি থাকিব আৰু মজছিদতো নামাজ চলিব বুলি মন্তব্য কৰে । তেওঁ বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হৈ সাম্প্ৰদায়িক মন্তব্যৰে মেৰু বিভাজনৰ চেষ্টা কৰা বুলি উল্লেখ কৰে ৷ তেওঁ এই মন্তব্যৰ আঁৰত থকা কথা অসমৰ ৰাইজে বুজি পাইছে বুলি উল্লেখ কৰি এইবাৰ নিৰ্বাচনত ৰাইজে বিজেপিক প্ৰত্যাখ্যান কৰিব বুলি মন্তব্য কৰে ।

লগতে পঢ়ক:প্ৰতিশ্ৰুতি নহয়, গেৰাণ্টিৰ সৈতে কলিয়াবৰত প্ৰিয়ংকা গান্ধী

ABOUT THE AUTHOR

...view details