জনিয়া, 10 জুলাই: আজি সমগ্ৰ দেশজুৰি পালন কৰা হ’ব ঈদ-উল-জুহা বা ঈদুল আজহা (Eid al-Adha 2022) ৷ ইছলাম ধৰ্মাৱলম্বীসকলৰ আটাইতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱ দুটাৰ ভিতৰত অন্যতম হ’ল ঈদ-উল-জুহা । এই উৎসৱৰ আন দুটা নাম হ’ল বকৰ-ঈদ আৰু কুৰ্বানি ঈদ । কুৰ্বানি ঈদৰ মূল অৰ্থ হ’ল ত্যাগৰ উৎসৱ । এই উৎসৱৰ মূল প্ৰতিপাদ্য বিষয় হৈছে ত্যাগ । এই দিনটোত মুছলিম ধৰ্মাৱলম্বী লোকসকলে তেওঁলোকৰ সাধ্য মতে ধৰ্মীয় নিয়মানুযায়ী উট, গৰু, দুম্বা বা ছাগলী কুৰ্বানি দিয়ে ৷ কুৰ্বানিৰ জৰিয়তে মানুহৰ অন্তৰত থকা পশুত্ব ত্যাগ কৰাই এই ঈদৰ মূল উদ্দেশ্য ।
কিন্তু এইবাৰ কুৰ্বানিৰ ক্ষেত্ৰত থাকিব কিছু নীতি-নিৰ্দেশনা ৷ কিয়নো ৰাজ্যৰ গৃহ মন্ত্ৰালয়ে (Ministry of Home Affairs) কুৰ্বানিৰ ক্ষেত্ৰত জাৰি কৰিছে কঠোৰ নীতি-নিৰ্দেশনা ৷ গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি এইবাৰ ইছলাম ধৰ্মাৱলম্বী লোকে পালন কৰিব লাগিব ঈদ-উল-জুহা ৷
অসমতো ঈদ-উল-জুহা উপলক্ষে ইছলাম ধৰ্মাৱলম্বীলোকৰ মাজত ব্যাপক উচ্চাহ-উদ্দীপনা পৰিলক্ষিত হৈছে ৷ ঈদ উপলক্ষে গ্ৰাহকসকলে বজাৰত ভিৰ কৰা পৰিলক্ষিত হৈছে । উল্লেখ্য যে, ৰাজ্যৰ ভিন্ন প্ৰান্ততত সমূহীয়া নামাজ আদায় কৰিবলৈ আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে ঈদগাহ ময়দানসমূহ ৷ এই ক্ষেত্ৰত ব্যতিক্ৰম নহয় বৰপেটা জিলাৰ কলগাছিয়া ৷
একে পৰিৱেশ কলগাছিয়াতো ৷ ঈদ উপলক্ষে ধুনীয়াকৈ সজাই তোলা হৈছে কলগাছিয়াৰ বিভিন্ন ঈদগাহ ময়দানসমূহ (Eid al-Adha celebration at Kalgachia) ৷ কলগাছিয়া ৰাজহুৱা ঈদগাহ ময়দানত পুৱা ৮ বজাত ঈদৰ সমূহীয়া নামাজ আদায় কৰা হ’ব বুলি পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে । কলগাছিয়াৰ ইছলাম ধৰ্মাৱলম্বী লোকে অসমবাসীলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সকলো ধৰ্ম জাতি-জনগোষ্ঠীৰ মাজত শান্তি সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে ।
লগতে পঢ়ক:আন ধৰ্মক আঘাত নিদিয়াকৈ কুৰ্বানি দিবলৈ আহ্বান মছজিদ কৰ্তৃপক্ষৰ