অসম

assam

ETV Bharat / state

কৃষকৰ ধৈৰ্যৰ বান্ধ নিছিঙিবলৈ চৰকাৰক আহ্বান কৃষক সভাৰ - কলগাছিয়াৰ টাপেশ্বৰা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা দাহ কৰিলে নিখিল ভাৰত কৃষক সভাৰ টাপেশ্বৰা আঞ্চলিক সমিতিয়ে ৷ কৃষক বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি প্ৰধানমন্ত্ৰীলৈ বিভিন্ন সকীয়নি প্ৰেৰণ কৰে প্ৰতিবাদকাৰীয়ে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা দাহ
কৃষক বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৃষক সভাৰ

By

Published : Sep 24, 2020, 1:20 PM IST

জনীয়া, 24 ছেপ্তেম্বৰ :কলগাছিয়াৰ টাপেশ্বৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰে নিখিল ভাৰত কৃষক সভাৰ টাপেশ্বৰা আঞ্চলিক সমিতিয়ে ৷ কেন্দ্ৰীয় চৰকাৰে কৃষক বিৰোধী আইন প্ৰণয়নৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে সমিতিৰ সদস্যই ৷ প্ৰতিবাদত সভাৰ কৃষক সভাৰ নেতৃত্বই হুংকাৰ দিয়ে যে, চৰকাৰে কৃষকৰ ধৈৰ্যৰ বান্ধ ছিঙিবলৈ চেষ্টা কৰিব নালাগে ৷

কৃষক বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৃষক সভাৰ

ইয়াৰোপৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক গাদীৰ পৰা নমাবলৈ কৃষকৰ বেছি সময় নালাগিব বুলি সকীয়নি দিয়ে কৃষক সভাৰ নেতৃত্বই । নিত্য প্ৰয়োজনীয় চাউল, দালি, আলু, মিঠাতেল অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা উলিয়াই দিয়াৰ ঘোৰ বিৰোধিতাৰে বৃহস্পতিবাৰে পুৱাৰ ভাগত কলগাছিয়াৰ টাপেশ্বৰা লাকী বজাৰত প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ।

লগতে পঢ়ক :অগপক সমষ্টি এৰি দিবলৈ অনিচ্ছুক টীয়কৰ দুই মণ্ডল বিজেপি

ABOUT THE AUTHOR

...view details