বৰপেটা, 22 ফেব্ৰুৱাৰী: ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত স্থাপন হোৱা ইংৰাজী মাধ্যমৰ আদৰ্শ বিদ্যালয়সমূহে অসমীয়া কৃষ্টি সংস্কৃতিৰ প্ৰতি কোনো ভাবুকি কঢ়িয়াই আনিব নোৱাৰে বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ শিক্ষা উপদেষ্টা ড৹ ননীগোপাল মহন্তই (English medium Adarsh Vidyalaya cannot bring any thought to Assamese culture) ৷ সোমবাৰে ৰাজ্যৰ শিক্ষা উপদেষ্টাগৰাকী বৰপেটাত উপস্থিত হৈ জিলাখনত থকা তিনিখনকৈ চৰকাৰী আদৰ্শ বিদ্যালয় পৰিদৰ্শন কৰি ইংৰাজী মাধ্যমৰ আদৰ্শ বিদ্যালয়ক লৈ কৰিলে এই মন্তব্য ৷
তেখেতে কয় যে, ইংৰাজী মাধ্যমৰ এই মডেল স্কুলসমূহে অসমীয়া কৃষ্টি সংস্কৃতি ধ্বংস কৰিব বুলি অসমীয়া মানুহৰ মাজত এটা বদ্ধমূল ধাৰণা আছে ৷ আদৰ্শ বিদ্যালয় সমূহৰ মান বহু উন্নত বুলি অভিহিত কৰি এই আদৰ্শ বিদ্যালয়সমূহে অসমীয়া কৃষ্টি সংস্কৃতি সংৰক্ষণৰ ক্ষেত্ৰতো যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলিও মন্তব্য কৰে ৷
আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ দিনটোতে অসমত চৰকাৰী পৃষ্ঠপোষকতাত গঢ় লৈ উঠা ইংৰাজী মাধ্যমৰ আদৰ্শ বিদ্যালয় সমূহক লৈ শিক্ষা উপদেষ্টা ড৹ ননীগোপাল মহন্তই কৰা এই মন্তব্য যথেষ্ঠ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে (Dr. Nani Gopal Mahanta, Adviser to Chief Minister on Education) ৷ ইপিনে ৰাজ্যখনৰ আদৰ্শ বিদ্যালয়সমূহত কৰ্মৰত শিক্ষক সকলৰ চাকৰি নিয়মীয়াকৰণৰ বাবে অচিৰেই জাননী জাৰি হ’ব বুলি জানিবলৈ দিয়ে শিক্ষা উপদেষ্টাগৰাকীয়ে ৷