অসম

assam

ETV Bharat / state

ভূমিকম্পৰ জোকাৰণিত বৰপেটা অসামৰিক চিকিৎসালয়ত ফাঁট - barpeta civil hospital

ভূমিকম্পৰ ভয়ংকৰ জোকাৰণিত কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়খনতো ফাঁট মেলা পৰিলক্ষিত হয় । ইয়াৰ পিছতে ৰোগী আৰু ৰোগীৰ আত্মীয়ৰ মাজত সৃষ্টি হয় এক হাহাকাৰ পৰিস্থিতিৰ ।

ভূমিকম্পৰ জোকাৰণিত বৰপেটা অসামৰিক চিকিৎসালয়ত ফাট মেলিছে
ভূমিকম্পৰ জোকাৰণিত বৰপেটা অসামৰিক চিকিৎসালয়ত ফাট মেলিছে

By

Published : Apr 28, 2021, 5:46 PM IST

জনীয়া, 28 এপ্ৰিল :বুধবাৰে পুৱাতে অহা বৃহৎ ভূমিকম্পৰ ভয়ংকৰ জোকাৰণিৰ ফলত কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়খনতো ফাঁট মেলা পৰিলক্ষিত হয় । ইয়াৰ পিছতে ৰোগী আৰু ৰোগীৰ আত্মীয়ৰ মাজত সৃষ্টি হয় এক হাহাকাৰ পৰিস্থিতিৰ । চিকিৎসালয়ৰ এগৰাকী কৰ্মচাৰীয়ে জানোৱা মতে, ভূমিকম্পৰ ফলত ক’ভিডত আক্ৰান্ত একাংশ ৰোগীয়ে আৰ্তনাদ কৰাৰ লগতে চিকিৎসালয়খনৰ বাহিৰলৈ ওলাই যাবলৈ চেষ্টা কৰে যদিও পাছলৈ অৱশ্যে ক্ষান্ত হয় । ইয়াৰ লগতে সাধাৰণ ৱাৰ্ডত থকা ৰোগীৰ মাজতো আতংকৰ সৃষ্টি হোৱাৰ ফলত যোনেই যেনেকৈ পাৰে, তেনিয়েই দৌৰিবলৈ আৰম্ভ কৰে ।

ভূমিকম্পৰ জোকাৰণিত বৰপেটা অসামৰিক চিকিৎসালয়ত ফাট মেলিছে

উল্লেখ্য যে, কৰ্মচাৰীগৰাকীয়ে জনোৱা মতে, চিকিৎসালয়খনৰ বিল্ডিংটোৰ আন্ত:গাঠনি অতি দুৰ্বল আৰু নিম্নমানৰ হোৱাৰ বাবে ৬.৭ প্ৰাৱল্যৰ এই ভূমিকম্পৰ জোকাৰণিত বিল্ডিংটোৰ কেইবাটাও স্থানত ফাঁট মেলে । আনহাতে কলগাছিয়া, জনীয়া, বালিকুৰি, লাংলা, বৰভিটা, মইনবৰী আদি অঞ্চলতো ভূমিকম্পৰ জোকাৰণিয়ে বহু লোকৰ গৃহত ফাঁট মেলা পৰিলক্ষিত হয় যদিও ক্ষয় ক্ষতিৰ পৰিমাণ অধিক হোৱা নাই বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : নুমলীগড় শোধনাগাৰৰ শ্ৰমিক ইউনিয়নৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details