অসম

assam

By

Published : Oct 22, 2020, 8:31 PM IST

ETV Bharat / state

সাৰৰ নকল বেহাঃপটাছৰ নামত ৰং কৰা নিমখ বিক্ৰী

কলগাছিয়াত চলিছে নকল সাৰৰ বেহা ৷ পটাছৰ নামত ৰং কৰা নিমখ বিক্ৰীৰ অভিযোগ ৷ ৰুবুল আলম শিকদাৰ নামৰ এজন ব্যৱসায়ীৰ বিৰুদ্ধে নকল সাৰ বিক্ৰীৰ অভিযোগ খেতিয়ক ৰাইজৰ ৷

কলগাছিয়াত নকল সাৰৰ বেহা
কলগাছিয়াত নকল সাৰৰ বেহা

জনীয়া, 22 অক্টোবৰ: কলগাছিয়াত পটাছৰ নামত ৰং কৰা নিমখ বিক্ৰী ৷ এই নকল সাৰ প্ৰয়োগৰ ফলত খেতিয়কৰ পাচলি খেতি ধ্বংস হোৱাৰ অভিযোগ ৷ ৰাইজৰ অভিযোগ মানৱ কল্যান বীজ ভাণ্ডাৰত ৰুবুল আলম শিকদাৰ নামৰ এগৰাকী লোকে চলাই গৈছে সাৰৰ এক নকল বেহা ৷ বীজ ভাণ্ডাৰৰ পৰা পাচলি খেতিত দিবলৈ সাৰ ক্ৰয় কৰি নিয়া খেতিয়ক ৰাইজে অভিযোগ কৰি কয় যে, তেওঁলোকে কলগাছিয়াৰ মানৱ কল্যান বীজ ভাণ্ডাৰৰ পৰা সাৰ কিনি খেতি পথাৰত প্ৰয়োগ কৰাৰ পাছতে খেতি সমূহ ধ্বংস হয় ৷

কলগাছিয়াত নকল সাৰৰ বেহা

মানৱ বীজ ভাণ্ডাৰে পটাচৰ নামত ৰং মিহলাই নিমখ বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰি ভোক্তভোগী খেতিয়ক সকলে এক তদন্তৰ আহ্বান জনোৱাৰ লগতে উচিত ক্ষতিপূৰণৰ দাবী জনাইছে ৷ উল্লেখ্য যে এই খবৰ বিয়পি পৰাৰ লগে লগে কলগাছিয়া মহকুমা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে বিভিন্ন দল সংগঠনে মানৱ কল্যাণ বীজ ভাণ্ডাৰৰ অনুজ্ঞা পত্ৰ বাতিলৰ দাবীৰ লগতে তদন্ত সাপেক্ষে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবীত উক্ত বীজ ভাণ্ডাৰৰ সম্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷ কলগাছিয়াৰ লাচাংগা গাঁৱৰ তাহেৰ আলী, জয়নাল আবেদিন, কলগাছিয়া গাঁৱৰ হামিদ আলী, ফজল হক, ডিমাপুৰ গাঁৱৰ হুছেন আলী আৰু কোৰবান আলীৰ লগতে বহুকেইজন কৃষকে মানৱ কল্যাণ বীজ ভাণ্ডাৰৰ পৰা সাৰ নি খেতিত প্ৰয়োগ কৰাৰ ফলত তেওঁলোকৰ খেতি ধ্বংস হোৱাৰ অভিযোগ উত্থাপিত হৈছে।

লগতে পঢ়ক:জি.এম.চি.এইচলৈ প্ৰেৰণ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠদেৱ শৰ্মাক

ABOUT THE AUTHOR

...view details