অসম

assam

ETV Bharat / state

তাৰাবাৰী আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ী - drugs peddler arrest by barpeta police

তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাসৰ নেতৃত্বত এক গোপন খবৰৰ ভিত্তিত শনিবাৰে তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বৰভিঠা গাঁৱৰ গণি আলীৰ ঘৰত চলিছিল ড্ৰাগছ বিৰোধী অভিযান । অভিযানত গণি আলীৰ ঘৰৰ পৰা সন্দেহযুক্ত ব্ৰাউন চুগাৰ ভৰ্তি ৯ টা প্লাষ্টিকৰ কন্টেইনাৰ, দুটা খালী প্লাষ্টিকৰ কন্টেইনাৰ, তিনিটা ম'বাইল ফোন জব্দ কৰে আৰক্ষীয়ে ।

drugs peddler
তাৰাবাৰী আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ী

By

Published : May 30, 2021, 6:08 PM IST

বৰপেটা, ৩০মে': সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটা জিলাখনৰো বিভিন্ন স্থানত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । নৱ নিযুক্ত আৰক্ষী অধীক্ষক অমিতাভ সিন্হাৰ তৎপৰতাত আৰু নিৰ্দেশনাত তীব্ৰতৰ হৈ উঠিছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান । এই অভিযানৰ অংশ হিচাপে শনিবাৰে তাৰাবাৰী আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা ।

তাৰাবাৰী আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ী

তাৰাবাৰী আৰক্ষীৰ জালত পৰিছে এটা ড্ৰাগছ ব্যৱসায়ী । ধৃত ড্ৰাগছ ব্যৱসায়ীটো বৰভিঠাৰ ২৭ বছৰীয়া গণি আলী । তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাসৰ নেতৃত্বত এক গোপন খবৰৰ ভিত্তিত শনিবাৰে তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বৰভিঠা গাঁৱৰ গণি আলীৰ ঘৰত চলিছিল ড্ৰাগছ বিৰোধী অভিযান ।

অভিযানত গণি আলীৰ ঘৰৰ পৰা সন্দেহযুক্ত ব্ৰাউন চুগাৰ ভৰ্তি ৯ টা প্লাষ্টিকৰ কন্টেইনাৰ, দুটা খালী প্লাষ্টিকৰ কন্টেইনাৰ, তিনিটা ম'বাইল ফোন জব্দ কৰে আৰক্ষীয়ে । ধৃত ড্ৰাগছ ব্যৱসায়ী গণি আলীৰ বিৰুদ্ধে তাৰাবাৰী আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে গণি আলীক সোধাপোচা অব্যাহত ৰাখিছে বুলি আৰক্ষী বিষয়া জ্যোতিষ দাসে জানিবলৈ দিয়ে ।

লগতে পঢ়ক:নাৰায়ণপুৰত খহনীয়াগ্ৰস্তৰ প্ৰশ্নবানৰ সন্মুখীন মন্ত্ৰী পীয়ুষ হাজৰিকা

ABOUT THE AUTHOR

...view details