বৰপেটা,28 মাৰ্চ : শনিবাৰে দৌল মহোৎসৱ আৰম্ভ হোৱাৰ পাচত দেওবাৰে মহামিলনৰ পীঠস্থান অসমৰ কাশীপুৰী দ্বাৰকা মথুৰাপুৰী বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ দ্বিতীয় দিন অৰ্থাৎ ভৰ দৌল ৷ সত্ৰৰ ভক্তসকলে দৌল মহোৎসৱৰ নিত্য-নৈমিত্যিক প্ৰসংগত ভাগ লোৱা পৰিলক্ষিত হয় ৷
দৌল মহোৎসৱৰ ৰীতি-পৰম্পৰা অনুসৰি, পৰৱৰ্তী সময়ত সত্ৰৰ যোগমোহন গৃহত প্ৰসংগ অনুষ্ঠিত হয়৷ ইয়াৰ পাচত সত্ৰৰ গায়ন-বায়নে গুৰুঘাট বজাই ভোজন বেহাৰ, ঘোষা-কীৰ্তন, ওজাপালি পৰিৱেশন কৰে ৷ সত্ৰৰ বুঢ়াসত্ৰীয়াই দৌলগৃহত থকা দৌল গোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোঁসাইক যথাবিহিতভাৱে ফাকুগুৰি প্ৰদান কৰি সেৱা জনায় ৷
বুঢ়াসত্ৰীয়া বাপজনাই দৌলগৃহত আৰোহন কৰি চৌদোলাত থকা দৌলগোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোঁসাইক ফাকুগুৰি ছটিয়াই কপালেৰে দোলাত দোলন দি বৰপেটা সত্ৰবাসী ৰাইজৰ লগতে সকলোৰে কুশল মংগল কামনা কৰি শ্ৰীকৃষ্ণ গোঁসাইৰ ওচৰত সেৱা জনায় ৷