অসম

assam

By

Published : May 26, 2021, 10:35 PM IST

ETV Bharat / state

বজালীৰ উদ্যোগপতি অনুপম শৰ্মাৰ মুখ্যমন্ত্ৰীলৈ 50 লাখৰ অনুদান

বজালী জিলাৰ এএনপিএল নামৰ নিৰ্মাণ সংস্থাৰ স্বত্বাধিকাৰী অনুপম শৰ্মা চেকযোগে 50 লাখ টকা অসমৰ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ অনুদান ৷

বজালীৰ উদ্যোগপতি অনুপম শৰ্মাৰ মুখ্যমন্ত্ৰীলৈ পঞ্চাশ লাখৰ অনুদান
বজালীৰ উদ্যোগপতি অনুপম শৰ্মাৰ মুখ্যমন্ত্ৰীলৈ পঞ্চাশ লাখৰ অনুদান

বজালী, 26 মে' : বজালী জিলাৰ সদৰ পাঠশালাৰ সমীপৰ বামাখাটাৰ নিবাসী তথা এএনপিএল নামৰ নিৰ্মাণ সংস্থাৰ স্বত্বাধিকাৰী অনুপম শৰ্মাই বিগত বৰ্ষৰ কৰ’ণাৰ সময়ত প্ৰধানমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ 50 লাখ আৰু অসম চৰকাৰৰ আৰোগ্য নিধিলৈ 25 লাখ মুঠ 75 লাখ টকাৰ অনুদান আগবঢ়াইছিল ।

কৰ‘ণাৰ দ্বিতীয় ঢৌ'ৰ সময়ত বুধবাৰে অনুপম শৰ্মাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হাতত চেকযোগে 50 লাখ টকা অসমৰ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ আগবঢ়ায় ৷ ৰাজ্যৰ এনে দুৰ্যোগৰ সময়ত বজালীৰ এজন সুযোগ্য সন্তানৰ এনে মহানুভৱতাত বজালীবাসীয়ে গৌৰৱ অনুভব কৰা বুলি একাংশই মন্তব্য কৰে ৷

মন কৰিবলগীয়া যে, ৰাজ্যৰ সকলো প্ৰতিপত্তিশীল উদ্যোগপতি, ব্যবসায়ী সকলে যদি চৰকাৰক সহায়ৰ হাত আগবঢ়াই তেন্তে অসমবাসী এই দুৰ্যোগৰ পৰা শীঘ্ৰে পৰিত্ৰাণ পাব সেয়া নিশ্চিত ৷

লগতে পঢ়ক :হাইব্ৰিড ধানৰ উদ্ভাৱক ড৹ ইউৱান লংপিঙক সোঁৱৰণ অসম কৃষি বিশ্ববিদ্যালয়ৰ

ABOUT THE AUTHOR

...view details