অসম

assam

ETV Bharat / state

বেঁকী নৈৰ সংহাৰী ৰূপ,সৰ্বস্বান্ত কৃষক

বেঁকী নৈৰ সংহাৰী ৰূপত বিধ্বস্ত পাচলিৰ খেতি । ব্যাপক লোকচানৰ সন্মুখীন হোৱাত মূৰে- কপালে হাত দিব লগা হৈছে জনীয়াৰ পাচলি খেতিয়কসকলে

বেঁকী নৈৰ সংহাৰী ৰূপ, সৰ্বস্বান্ত কৃষক

By

Published : Jul 29, 2019, 5:44 PM IST

জনীয়া,২৯ জুলাইঃ ৰাজ্যৰ অন্যতম সেউজ শাক পাচলিৰ ভঁৰাল ৰূপে পৰিচিত বৰপেটা জিলাৰ কলগাছিয়া অঞ্চলৰ বহু পাচলি খেতি বেঁকী নৈৰ সংহাৰী বানত নষ্ট হৈ গৈছে । শেষতীয়াকৈ জিলাখনৰ কৃষিপ্ৰধান গাওঁ সমূহৰ কৃষকে অশেষ কষ্টৰে গাঠিৰ ধন ভাঙি সেউজীয়া কৰি তুলিছিল খেতি পথাৰ ।

বেঁকী নৈৰ সংহাৰী ৰূপ, সৰ্বস্বান্ত কৃষক

কলগাছিয়াৰ আমগুৰি,বালাৰপাথাৰ,উদমাৰীৰ পাচলি খেতিয়কে কৰা কেৰেলা,বেঙেনা,বিলাহী,কোমোৰা,পানী লাও,ভোল, জিকা,জলকীয়া আদি খেতি বানপানীয়ে প্লাৱিত কৰাত পচি গৈছে গছ তথা পাচলিসমূহ । যাৰ ফলত মূল্যবান পাচলি খেতি পচি নষ্ট হোৱাত লাখ লাখ টকা লোকচানৰ সন্মুখীন হৈ সৰ্বস্বান্ত হৈ পৰিছে কৃষক সকল। এই সকলক যদি চৰকাৰৰ ফালৰ পৰা অনুদান দিয়া নহয় তেন্তে বিপদত পৰিব তেওঁলোক ৷

ABOUT THE AUTHOR

...view details