বৰপেটা, ১ জানুৱাৰী : বৰপেটা জিলা কাৰাগাৰত বন্দী হৈ থকা শৃংখল চলিহাক সাক্ষাৎ কৰিবলৈ সোমবাৰে বৰপেটাত উপস্থিত হয় কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ৷ সংশোধিত নাগৰিকত্ব আইন বাতিলৰ আন্দোলনত অংশগ্ৰহণ কৰাৰ অপৰাধত কাৰাগাৰত বন্দী হৈ আছে শিৱসাগৰৰ শৃংখল চলিহা ৷ শৃংখল চলিহা,জীতেন দত্তৰ দৰেই বহু কংগ্ৰেছ কৰ্মীক চৰকাৰে গ্ৰেপ্তাৰ কৰা বুলি অভিযোগ তোলে কংগ্ৰেছ নেতাগৰাকীয়ে ৷
বৰপেটাত শৃংখল চলিহাক সাক্ষাৎ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ - barpeta jail
সোমবাৰে বৰপেটাত উপস্থিত হয় কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ৷ বৰপেটা জিলা কাৰাগাৰত বন্দী হৈ থকা শৃংখল চলিহাক সাক্ষাৎ কৰে নেতাগৰাকীয়ে ৷
বৰপেটাত উপস্থিত হয় কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া
অহা 13 জানুৱাৰীত আহ্বান জনোৱা বিধানসভাৰ বিশেষ অধিবেশনক লৈ ৰণ কৌশল যুগুতাইছে কংগ্ৰেছে ৷ সংশোধিত নাগৰিকত্ব আইন সন্দৰ্ভত চৰকাৰে বিশেষ অধিৱেশন আহ্বান জনোৱা বাবে চৰকাৰক ধন্যবাদ জনায় শইকীয়াই ৷ এই অধিবেশনত সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবীত সোমবাৰে বিধানসভাৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে বুলিও কয় বিৰোধী দলৰ দলপতি গৰাকীয়ে ৷
আৰু পঢ়ক : বৰপেটাত আৰম্ভ ২৯ সংখ্যক 'ৰংঘৰ ৰাষ্ট্ৰীয় নাট উৎসৱ'