জনিয়া,25 জুলাই:প্ৰেমৰ প্ৰস্তাৱ অমান্য কৰাৰ বাবে সামাজিক মাধ্যমত এগৰাকী ছাত্ৰীৰ ফটোত অশ্লীল মন্তব্য যুৱকৰ ৷ এই ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ জনিয়া সমষ্টিৰ অন্তৰ্গত চলচলীয়া গাঁৱত । জানিব পৰা মতে এমাহৰ পূৰ্বে যুৱকজনে কিশোৰীজনীৰ সৈতে একেলগে ফটো তুলিছিল ৷ ফটো তোলাৰ কেইদিনমানৰ পাচতে কিশোৰীগৰাকীক ভালপোৱাৰ প্ৰস্তাৱ দিয়ে যুৱকজনে।
কিন্তু কিশোৰীজনীয়ে বাৰে বাৰে প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল ৷ ফলত ২১ জুলাইত যুৱকজনে এটা একাউন্টৰ পৰা সামাজিক মাধ্যমত বিশেষ ফটোখনৰ লগতে অশ্লীল কথা লিখি আপলোড কৰিছিল ৷ সেই বিশেষ ফটোখন পাচত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে ৷ আনহাতে ভুক্তভোগী কিশোৰীগৰাকীৰ পিতৃ-মাতৃয়ে যুৱকজনৰ কৰ্ম কাণ্ডৰ কথা অৱগত কৰিছিল যুৱকজনৰ পিতৃ-মাতৃক ৷ পুত্ৰক শাসন কাৰ বিপৰীতে কিশোৰীগৰাকীৰ পিতৃ-মাতৃৰ অভিযোগক গুৰুত্বই নিদিলে যুৱকজনৰ পিতৃ-মাতৃয়ে ৷ এই অভিযোগ উত্থাপন কৰে ভুক্তভোগী কিশোৰীৰগৰাকীৰ অভিভাৱকে ৷