অসম

assam

ETV Bharat / state

কলগাছিয়াত শিক্ষকৰ মৃত্যু: অঞ্চলজুৰি শোকৰ ছাঁ

বুধবাৰে নিশা হঠাৎ অসুস্থ হৈ পৰাৰ লগে লগে কলগাছিয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ৷ কিন্তু আদবাটতে মৃত্যুক সাবটি ল'ব লগা হয় শিক্ষক খন্দোকাৰ আৰমান আলিয়ে

কলগাছিয়াত শিক্ষকৰ মৃত্যু: অঞ্চলজুৰি শোকৰ ছাঁ

By

Published : May 30, 2019, 5:33 PM IST

জনীয়া,৩০ মে’: বৰপেটা জিলাৰ জনীয়া সমষ্টি কলগাছিয়াৰ শিক্ষাক খন্দোকাৰ আৰমান আলিৰ বুধবাৰে ৰাতি ১১:৩০ বজাত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬০ বছৰ। বুধবাৰে নিশা হঠাৎ অসুস্থ হৈ পৰাৰ লগে লগে কলগাছিয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে যদিও আদবাটতে মৃত্যুক সাবটি ল'ব লগা হয় শিক্ষক গৰাকীয়ে। যাৰ বাবে অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে । তেখেতৰ কৰ্মজীৱনৰ প্ৰথম অৱস্থাত কলগাছিয়া সমবায়ৰ সভাপতি আছিল। তাৰ পিছত কলগাছিয়া কে কে পাঠক এম ই স্কুলত হিন্দী শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে । এটা সময়ত এই বিদ্যালয়ত থাকোতেই চি আৰ চিৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল । আকৌ কে কে পাঠকত ভৰ্তি হোৱাৰ পাছত বিভাগৰ পৰা পদোন্নতি হৈ প্ৰথমতে বজালীৰ ভিতৰত এখন এম ই স্কুলৰ প্ৰধান শিক্ষক হৈছিল।

কলগাছিয়াত শিক্ষকৰ মৃত্যু: অঞ্চলজুৰি শোকৰ ছাঁ

লগতে পঢ়ক: ধুমুহাই কালৰূপ ধাৰণ কৰিলে তেজপুৰত

পৰৱৰ্তী সময়ত স্থানান্তৰ হৈ বৰপেটা ৰোডৰ মণিপুৰী বস্তিৰ বিদ্যাপীঠ এম ই স্কুলৰ প্ৰধান শিক্ষক হিচাপে ভৰ্তি হয়। তাৰ পৰা যোৱা জানুৱাৰী মাহৰ ৩১ তাৰিখে চাকৰি জীৱনৰ সমাপ্তি হয় ৷ তেওঁ ইহসংসাৰত এগৰাকী কন্যা আৰু এজন পুত্ৰ এৰি থৈ গৈছে ৷

ABOUT THE AUTHOR

...view details