বৰপেটা, 31 মে’:এগৰাকী প্ৰকৃত ভাৰতীয় নাগৰিক হৈও বৰপেটাৰোডৰ অমৃত দাস নামৰ লোকজন এক নিকৃষ্ট পন্থাৰ বলি হৈ মৃত্যুক আঁকোৱালী লোৱাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰি বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুতকৰণৰ নামত বিজেপিয়ে যিমানেই আস্ফালন নকৰক কিয় তেওঁলোকে হিন্দু বঙালী সকলৰ ত্ৰাণকৰ্তা হৈ কাম কৰা কথাটো সম্পূৰ্ণ মিছা আৰু আঁভুৱা ভৰা বুলি উল্লেখ কৰে কংগ্ৰেছী নেতাগৰাকীয়ে ৷
অমৃত দাসৰ বাসগৃহত অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি দল - ভাৰতীয় নাগৰিকক ডিটেনচন কেম্প
প্ৰকৃত ভাৰতীয় নাগৰিকক ডিটেনচন কেম্পত বন্দী হৈ থকাৰ সময়তে চলিত বৰ্ষৰ এপ্ৰিল মাহত অমৃত দাস নামৰ লোকজনৰ মৃত্যু হোৱাৰ পাছত অসম প্ৰদেশ কংগ্ৰেছৰ এক প্ৰতিনিধি দল শুক্ৰবাৰে প্ৰয়াত অমৃত দাসৰ ঘৰত উপস্থিত হয় শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে ৷
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ নামত হিন্দু বঙালী সকলেই সকলোতকৈ বেছি মৃত্যুৰ পথ বাছি ল’বলগীয়া হৈছে বুলি প্ৰশ্ন কৰে ৷ বিজেপিয়ে ৰাজনীতি বহুত কৰিলে লগতে হিন্দু বঙালী সকলক সস্তীয়া প্ৰলোভন আৰু প্ৰতিশ্ৰুতিও বহুত দিলে ৷ এতিয়া মানৱীয় দায়বদ্ধতাৰে আৰু দেশৰ সাংবিধানিক অধিকাৰ প্ৰাপ্যৰ পৰা যাতে দেশৰ কোনো প্ৰকৃত নাগৰিকে বঞ্চিত হ’ব লগা নহয় আৰু নিকৃষ্ট ষড়যন্ত্ৰৰ বলি হৈ মৃত্যুৰ পথ বাছি ল’বলগীয়া নহয় তাৰ বাবে বিজেপিক যথোপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷
উল্লেখ্য যে, বৰপেটা ৰোডৰ ১০ নম্বৰ ৱাৰ্ডৰ বাসিন্দা অমৃত দাস নামৰ লোকজনক বিদেশী ন্যায়াধীকৰণে বিদেশী ঘোষিত কৰাৰ পাছত ২০১৭ চনৰ ২০ মে’ৰ পৰা গোৱালপাৰাৰ ডিটেনচন কেম্পত আছিল ৷ চলিত বৰ্ষৰ এপ্ৰিল মাহৰ ৬ তাৰিখত ডিটেনচন কেম্পতে অমৃত দাস নামৰ লোকজনৰ মৃত্যু হৈছিল ৷ সুদীৰ্ঘ দুই বছৰ কাল বিদেশী বুলি ডিটেনচন কেম্পত আৱদ্ধ কৰা মৃত অমৃত দাসৰ পিতৃ বীৰেন্দ্ৰ চন্দ্ৰ দাসৰ নাম ১৯৫১ চনৰ এন আৰ চিত থকাৰ লগতে অমৃত দাসৰ নিজৰ নামটোও ২০১৯ চনৰ ভোটাৰ তালিকাত সন্নিবিষ্ট আছিল ৷