বৰপেটা, 9 জানুৱাৰী : পুনৰ অসমীৰ স্বাভিমানৰ ওপৰত কুঠাৰাঘাত ৷ স্বাভীমানৰ প্ৰতীক গামোচা পিন্ধি শালীনতাৰ সীমা চেৰাই গৈ গীতৰ তালে-তালে উদ্দাম নৃত্য স্বল্পবসনা যুৱতীৰ (Gamocha disrespect at Kalgachia)৷ কেৱল সিমানেই নহয়, যুৱতীৰ উদ্দাম নৃত্যত সহযোগ কৰিলে লুঙী পৰিহিত যুৱকে ৷ ইয়াকে সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷
বৰপেটাৰ কলগাছিয়াত ভূ-লুণ্ঠিত হ’ল অসমীয়াৰ স্বাভিমান ৷ বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বগুলামাৰিত ডাঞ্চ ধামাকাত অসমীয়াৰ স্বাভিমান গামোচাক কৰা হ’ল চৰম অৱমাননা ৷ যুৱতীয়ে অসমীয়া গামোচা পিন্ধি মুকলি মঞ্চত উদ্দাম নৃত্য পৰিৱেশন কৰিলে উন্মাদ নৃত্য ৷ এই কাৰ্যক তীব্ৰ গৰিহণা দিছে বৰপেটাৰ স্থানীয় সচেতন ব্যক্তিসকলে ৷ কলগাছিয়াৰ বগগুলামৰিত বাণিজ্য মেলাৰ নামত অসমীয়া গামোচা আৰু লুঙী পিন্ধি কৰা হ’ল এই উন্মাদ নৃত্য (Gamocha disrespect by dancer at Kalgachia)৷
প্ৰায়েই বাণিজ্য মেলাৰ নামত আয়োজিত ডাঞ্চ ধামাকাৰ বিৰুদ্ধে উত্থাপিত হয় এনে অভিযোগ ৷ জাতীয় কৃষ্টি-সংস্কৃতিক বিকৃত ৰূপ দি পৰিৱেশিত নৃত্যানুষ্ঠানে চৰ্চা লাভ কৰে সময়ে-সময়ে ৷ এইবাৰ কলগাছিয়া আৰক্ষী থানাৰ (Kalgachia Police Station) বগুলামাৰীৰ বি. কে, এল. ছি যুৱ সমাজৰ উদ্যোগত আয়োজিত বাণিজ্য মেলাৰ সাংস্কৃতিক অনুষ্ঠানত অপমান কৰা হ’ল গামোচাক (Trade fair at Kalgachia)৷
এই দৃশ্য দেখাৰ পাছত উত্থাপিত হৈছে প্ৰশ্ন মেলা, সাংস্কৃতিক সন্ধিয়া, নৃত্য আদি আয়োজনৰ মূল উদ্দেশ্য আচলতে কি ? দূৰ দূৰণিৰ পৰা নিমন্ত্ৰণ জনাই অনা শিল্পী গোষ্ঠীৰ দ্বাৰা দৰ্শকৰ মন জয় কৰিবৰ বাবেই এনে বিকৃত অনুষ্ঠান পৰিৱেশিত কৰা হয় নেকি ? যদি সেয়াই হয়, অসমীয়া কৃষ্টি-সংস্কৃতিৰ ভৱিষ্যতৰ বাবে এয়া অশনি সংকেত ৷