বৰপেটা, 27 এপ্ৰিল : মঙলবাৰে বৰপেটা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ(Jignesh mevani present in Barpeta district judicial court) কৰোৱা হৈছিল গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীক ৷ ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত এক গোচৰৰ ভিত্তিত দ্বিতীয়বাৰৰ বাবে অসম পুলিচে আটক কৰিছিল দলিত নেতা গৰাকীক (Jignesh Mevani rearrested by Assam police) ৷
নেতাগৰাকীৰ মুক্তিৰ দাবীত বৰপেটাত মঙলবাৰে চিপিআইএমৰ বৰপেটা জিলা সমিতিয়ে সাব্যস্ত কৰে প্ৰতিবাদ(CPIM protests demanding release of Jignesh Mevani) ৷ প্ৰধানমন্ত্ৰীক উদ্দেশ্যি কৰা এটা টুইটক লৈ গুজৰাটৰ বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰা কাৰ্যক গৰিহণা দিয়ে বাওঁপন্থী দলটোৱে ৷ তদুপৰি প্ৰতিবাদকাৰীসকলে ৰাজ্য় চৰকাৰে ব্যক্তিৰ বাক স্বাধীনতা খৰ্ব কৰা বুলিও অভিযোগ উত্থাপন কৰিছে ৷