অসম

assam

ETV Bharat / state

কৃষি আইন বাতিলৰ লগতে 'কা' বাতিলৰ দাবীত বৰপেটাত চি পি আই এমৰ সভা - কৃষক আন্দোলন

বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাণকেন্দ্ৰ কয়াকুছি বজাৰত মঙলবাৰে কয়াকুছিৰ জ্যেষ্ঠ চি পি আই এম নেতা তথা অৱসৰপ্ৰাপ্ত শিক্ষক আফাজ উদ্দিনৰ সভাপতিত্বত চি পি আই এমৰ এক জনসভা অনুষ্ঠিত হয় । কৃষি আইন বাতিলৰ লগতে 'কা' আইন বাতিলৰ দাবীত অনুষ্ঠিত হয় সভাখন ৷

cpim-meeting-at-kayakuchi
কৃষি আইন বাতিলৰ লগতে 'কা' বাতিলৰ দাবীত বৰপেটাত চি পি আই এমৰ সভা

By

Published : Dec 29, 2020, 10:19 PM IST

বৰপেটা, 29 ডিচেম্বৰ :বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাণকেন্দ্ৰ কয়াকুছি বজাৰত মঙলবাৰে কয়াকুছিৰ জ্যেষ্ঠ চি পি আই এম নেতা তথা অৱসৰপ্ৰাপ্ত শিক্ষক আফাজ উদ্দিনৰ সভাপতিত্বত চি পি আই এমৰ এক জনসভা অনুষ্ঠিত হয় । কৃষি আইন বাতিলৰ লগতে 'কা' আইন বাতিলৰ দাবীত অনুষ্ঠিত হোৱা উক্ত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে পাৰ্টীৰ কয়াকুছি লোকেল কমিটীৰ সম্পাদক পিয়াৰুল ইছলাম আহমেদে । সভাত উপস্থিত থাকি বৰপেটা লোকসভাৰ প্ৰাক্তন সাংসদ উদ্ধৱ বৰ্মনে বিজেপি দল আৰু চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে ৷

চি পি আই এমৰ কেন্দ্ৰীয় কমিটীৰ সদস্যৰ মন্তব্য

লগতে পঢ়ক :ভাৰতত মুকলি প্ৰথমখন চালকবিহীন ৰেল

আনহাতে, বৰ্তমান ৰাষ্ট্ৰপতিৰ পৰা প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীলৈ সকলোৱেই এসময়ত আৰ এছ এছৰ প্ৰচাৰক আছিল বুলিও তেওঁ গুৰুতৰ অভিযোগ কৰে । তেওঁ পুনৰ কয় যে, নৰেন্দ্ৰ মোদীৰ প্ৰিয় ভাজন আম্বানী আৰু আদানীক এতিয়া ভাৰতবৰ্ষখন গতাই দিয়াৰ লগতে কৃষি আইনৰ জৰিয়তে কৃষিখণ্ডৰ সকলো স্বত্ব তেঁওলোকক গতাই দিয়াৰ যো-জা চলাইছে ।

সভাত উপস্থিত থাকি চি পি আই এমৰ কেন্দ্ৰীয় কমিটীৰ সদস্য তথা সাপ্তাহিক গণশক্তিৰ সম্পাদক সুপ্ৰকাশ তালুকদাৰে কয় যে, বিজেপি চৰকাৰে চক্ৰান্ত কৰি সাম্প্ৰদায়িক ভাৱে সকলোকে ভাগ ভাগ কৰি শাসন যন্ত্ৰ হস্তগত কৰি আহিছে ৷

বিজেপিৰ কৃষক বিৰোধী নীতিৰ ফলস্বৰূপে স্বাধীনতাৰ পিচত ঐতিহাসিক কৃষক আন্দোলন মোদী চৰকাৰৰ দিনতেই হ'বলৈ পালে বুলি তেওঁ আক্ষেপ কৰে । সমাগত বিধানসভা নিৰ্বাচনত বিজেপি বিৰোধী সকলো ধৰ্মনিৰপেক্ষ দলকেই একত্ৰিত হৈ বিজেপিৰ বিৰুদ্ধে যুঁজ দি চৰকাৰক ক্ষমতাচ্যুত কৰাৰ বাবে সুপ্ৰকাশ তালুকদাৰে আহ্বান জনায় । সভাত উপস্থিত থাকি চি পি আই এমৰ বৰপেটা জিলাৰ ভাৰপ্ৰাপ্ত সম্পাদক আজিজুৰ ৰহমানেও বিজেপিৰ কৃষক বিৰোধী স্থিতিৰ লগতে পুঁজিপতিৰ স্বাৰ্থত আইন প্ৰণয়ন কৰাৰ সমান্তৰালভাৱে তেওঁলোকৰ স্বৈৰাচাৰী শাসনৰ বিৰুদ্ধে সকলোকে অৱগত কৰে ।

লগতে পঢ়ক :ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ দৰেই স্বীকৃতি নাথাকিলেও কাম কৰি যাম: দেবব্ৰত শইকীয়া

ABOUT THE AUTHOR

...view details