অসম

assam

By

Published : May 9, 2021, 3:34 PM IST

ETV Bharat / state

বজালীৰ শ্বহীদ মদন ৰাউতা অসামৰিক চিকিৎসালয়ত ক’ভিড প্ৰতিষেধক নাটনি

বজালীৰ শ্বহীদ মদন ৰাউতা অসামৰিক চিকিৎসালয়ত ক’ভিড প্ৰতিষেধক নাটনি ৷ প্ৰতিষেধক ল'বলৈ আহি দৈনিক হাজাৰ হাজাৰ মানুহ প্ৰতিষেধক নোলোৱাকৈ চিকিৎসালয়খনৰ পৰা ঘৰলৈ উভতি যাব লগা হৈছে ৷

covid vaccine crisis in bojali hospital
বজালীৰ শ্বহীদ মদন ৰাউতা অসামৰিক চিকিৎসালয়ত ক’ভিড প্ৰতিষেধক নাটনি

বজালী, 9 মে': এফালে ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা, আনফালে মুখ্যমন্ত্ৰী কোন হ'ব তাক লৈ ব্যস্ত পৰবৰ্তী বিজেপি চৰকাৰ । ৰাজ্যত দৈনিক বৃদ্ধি পাবলৈ ধৰিছে কৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ বৰ্তমান সমগ্ৰ দেশৰ লগতে অসমতো ক’ভিড প্ৰতিষেধক প্ৰদানৰ কাম চলি আছে ৷ ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বহু লোক এতিয়া প্ৰতিষেধক লোৱাৰ বাবে আগবাঢ়ি আহিছে ৷

কিন্তু বজালীৰ শ্বহীদ মদন ৰাউতা অসামৰিক চিকিৎসালয়ত ক’ভিড প্ৰতিষেধক নাটনি হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ প্ৰতিষেধক ল'বলৈ আহি দৈনিক হাজাৰ হাজাৰ মানুহ প্ৰতিষেধক নোলোৱাকৈ চিকিৎসালয়খনৰ পৰা ঘৰলৈ উভতি যাব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ সমান্তৰালভাৱে বজালীত ক’ভিড টেষ্ট কৰিবৰ বাবে ব্যৱহাৰ হোৱা ক’ভিড কিট নাটনি হোৱাৰ খবৰে সমগ্ৰ বজালীতে এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ বজালী জিলা ছাত্ৰ সন্থা আৰু বজালীবাসী ৰাইজে পৰৱৰ্তী বিজেপি চৰকাৰখনে মুখ্যমন্ত্ৰী কেন্দ্ৰিক যুঁজ খনত লাগি নাথাকি চিকিৎসায়খনত পৰ্যাপ্ত পৰিমানৰ ভেকচিনৰ লগতে ক’ভিড টেষ্ট কৰাৰ বাবে কিট যোগান ধৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক :"ব্ৰেকিং দ্য ছাইলেঞ্চ"ৰ বাবে পাৰ্থজিৎ বৰুৱালৈ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা

ABOUT THE AUTHOR

...view details