বৰপেটা, ৯ জানুৱাৰী: দেশৰ ভিন্ন ৰাজ্যৰ লগতে অসমতো আজি আৰম্ভ হৈছে COVID-১৯ৰ টীকাকৰণৰ অনুশীলন ৷ বৰপেটাস্থিত ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়, বৰপেটা ৰোড এফ আৰ ইউ আৰু সঞ্জীৱনী হাস্পতালত COVID-১৯ৰ টীকাকৰণৰ অনুশীলন চলোৱা হৈছে । ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত শুক্ৰবাৰে অনুশীলনৰ সময়ত উপস্থিত থাকে বৰপেটাৰ অতিৰিক্ত মুখ্য স্বাস্থ্য বিষয়া ডা০ প্ৰমথেশ শৰ্মা, ডা০ ৰাজীৱ বৰবৰা, ডা০ সুৰেশ শৰ্মা, ডা০ হৰিষাদিত্য দাস ৷
COVID-১৯ মহামাৰীয়ে সমগ্ৰ মানৱ জাতিলৈ কঢ়িয়াই অনা ভয়াৱহ বিপদ নাশ কৰি মানুহক সংকটমুক্ত কৰাৰ বাবে গোটেই বিশ্বৰ চিকিৎসা বিজ্ঞানীসকলে চলাই থকা নিৰন্তৰ প্ৰয়াসৰ ফলস্বৰূপে ইতিমধ্যে বিশ্বৰ বিভিন্ন দেশে মহামাৰীৰ প্ৰতিষেধক উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে ৷ ভাৰততো বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ অন্তত ইতিমধ্যে প্ৰতিষেধক জৰুৰীকালীনভাৱে ব্যৱহাৰৰ অনুমতি প্ৰদান কৰা হৈছে । সমান্তৰালকৈ বিভিন্ন ৰাজ্যত টীকাকৰণৰ অনুশীলনো চলি আছে ।