কলগাছিয়া, ২ মে':ৰাজ্যৰ বাকী জিলাসমূহৰ লগতে বৰপেটা জিলাৰ ভিন্ন প্ৰান্ততো কৰ'ণা ৰোগীৰ সংখ্যা দৈনিক বৃদ্ধি হৈছে । ইফালে কলগাছিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ প্ৰত্যেক বজাৰে বজাৰে পৰীক্ষাৰ জৰিয়তে ক'ভিড ৰোগী চিনাক্তকৰণ অভিযান অব্যাহত আছে । শনিবাৰৰ দিনটোত নতুনকৈ ১০ জন লোকৰ দেহত ক'ভিড-১৯ ভাইৰাছৰ অৱস্থিতি ধৰা পৰে ।
কলগাছিয়াত একেদিনাই ১০ গৰাকী আক্ৰান্ত কৰ'ণাত - covid update in assam
কলগাছিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ প্ৰত্যেক বজাৰে বজাৰে পৰীক্ষাৰ জৰিয়তে ক'ভিড ৰোগী চিনাক্তকৰণ অভিযান অব্যাহত আছে । শনিবাৰৰ দিনটোত নতুনকৈ ১০ জন লোকৰ দেহত ক'ভিড-১৯ ভাইৰাছৰ অৱস্থিতি ধৰা পৰে ।
কলগাছিয়াত একেদিনাই ১০ গৰাকী আক্ৰান্ত কৰ'ণাত
ৰোগী সকলৰ ভিতৰৰ যিসকলৰ জ্বৰ, কাহ আদি কৰ'ণাৰ লক্ষণ দেখা দিছে তেওঁলোকক কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় আৰু লক্ষণ নথকা সকলক হোম কোৱাৰেন্টাইন দিয়া হয় । কলগাছিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত অধীক্ষক ডাঃ নজৰুল ইছলামে এই বিষয়ে জনোৱাৰ লগতে সকলোকে ক'ভিড স্বাস্থ্যবিধি পালনৰ আহ্বান জনায় ।
লগতে পঢ়ক :মৰাণত একেটা পৰিয়ালৰ ১০ জন আক্ৰান্ত কৰ'ণাত