জনিয়া, 8 জুন :পুনৰ চৰ্চাত জল জীৱন মিছন আঁচনি ৷ এইবাৰ বিদ্যালয়ত চৌহদত জল জীৱন মিছন আঁচনিৰ কাম ৰূপায়ন কৰাক লৈ চৰ্চালৈ আহিছে (Corruption in jal jeevan mission scheme in Barpeta) ৷
অভিযোগ অনুসৰি, বৰপেটা জিলাৰ ৰূপসী শিক্ষা খণ্ডৰ অন্তৰ্গত দক্ষিণ তিতাপানী প্ৰাথমিক বিদ্যালয় চৌহদত ৰূপায়ন কৰা হৈছে জল জীৱন মিছন আঁচনি ৷ এই আঁচনিখন ৰূপায়ন কৰাত ব্যাপক অসুবিধাৰ সৃষ্টি হৈছে বিদ্যালয়খনত । বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে উল্লেখ কৰা অনুসৰি, বিদ্যালয়খনৰ নামত থকা 1 বিঘা মাটিত বিদ্যালয় গৃহ আৰু ছাত্ৰ-ছাত্ৰীৰ খেল-ধেমালিৰ বাবে আছিল এখন খেলপথাৰ ।
কিন্তু বিদ্যালয় চৌহদত ছাত্ৰ-ছাত্ৰীৰ খেল ধেমালিৰ বাবে থকা অৱশিষ্ট অংশত জল জীৱন মিছন আঁচনিৰ নিৰ্মাণ কাৰ্য চলি আছে ৷ যাৰ ফলত কণ-কণ ছাত্ৰ-ছাত্ৰীৰ খেল ধেমালিৰ ক্ষেত্ৰত ব্যাঘাত জন্মিছে ৷ এই বিষয়ে ঠিকাদাৰ অথবা বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পাচতো কোনো সদোত্তৰ লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ৷